Investigative reporting with dedication.

ৰাজ্যত অব্যাহত থকা দালাল উচ্ছেদ প্ৰক্ৰিয়া তথা গ্ৰেপ্তাৰ প্ৰসংগত সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। ডাঙৰ দালালবোৰ একাংশই মুখ্যমন্ত্ৰীৰ বাল্যবন্ধু। সৰু দালালবোৰক গ্ৰেপ্তাৰ কৰি ডাঙৰ দালাল বোৰক কাৰ্যালয়ত ফুলাম গামোচা পিন্ধাইছে বুলি অভিযোগ উত্থাপন কৰে ভূপেন বৰাই। লগতে তেওঁ কয় যে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাটিৰ দালাল বুলি হাতিগাঁও থানাত ভৰায় থোৱা আৰু কেইবামাহো গ্ৰেপ্তাৰ হৈ থকা ফণী তালুকদাৰক বৰ্তমানৰ মুখ্য মন্ত্ৰী গৰাকীয়ে নিজৰ কাৰ্যালয়ত আদৰ সাদৰ কৰে । যদিহে মুখ্যমন্ত্ৰীৰ এই প্ৰক্ৰিয়া নিখুঁত তেনেহলে তেওঁ ফণী তালুকদাৰক গ্ৰেপ্তাৰ কৰি দেখাওঁক বুলিও মন্তব্য কৰে।




