টকলা উদ্যান,বকৰা মাটিয়ে শিশুৰ মন কঠুৱা কৰে !

Share This Article

শংকৰদেৱ উদ্যানৰ গছৰ সুৰক্ষা বিচাৰি দেওবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ভৰলুমুখৰ নাগৰিক সমিতিয়ে।গুৱাহাটী মহানগৰীৰ প্ৰায় তিনি দশক পুৰণি ঐতিহ্যমণ্ডিত শংকৰদেৱ উদ্যানে যোৱা কেইটামান বছৰত ব্যাপক ভাবুকিৰ সম্মুখীন হৈ আহিছে । মহানগৰীবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ উদ্যানখন বচাবলৈ যোৱা কেইটামান বছৰত অঞ্চলটোৰ বাসিন্দাসকলে প্ৰশাসনৰ সৈতে অহৰহ যুঁজ দি থাকিবলগীয়া হৈছে । ইয়াৰ পূৰ্বে ২০১৯ চনত উত্তৰ গুৱাহাটী ভৰলুমুখ সংযোগী দলং নিৰ্মাণৰ কাম চলি থকাৰ সময়তে উদ্যানখনৰ প্ৰায় ৩০০ জোপা গছ ৰক্ষা কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল স্থানীয় জনতাই।পৰৱৰ্তী সময়ত ২০২১ চনত উদ্যান চৌহদত প্ৰস্তাৱিত চিটি বাছ ৰখোৱা স্থানৰ বাবে কাটিবলগীয়া বৃহৎ গছসমূহ ৰক্ষা কৰাৰ বাবে জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল । শংকৰদেৱ উদ্যানত পৰিৱেশ সুৰক্ষাৰ বাবে সততে মাত মাতি অহা ভৰলুমুখ নাগৰিক সমন্বয় সমিতি, পশ্চিম গুৱাহাটীয়ে শেহতীয়াকৈ শুক্ৰেশ্বৰ উদ্যানৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কাষত বৃহৎ পৰিসৰত গছ কটাৰ বাবে আজি পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।প্ৰতিবাদকাৰী সকলে ইয়াৰ বাবে দায়বদ্ধ সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। প্ৰতিবাদৰ অংশ হিচাপে শংকৰদেৱ উদ্যানত “মানুহৰ দ্বাৰা প্ৰকৃতি ধ্বংস আৰু পৰিৱেশ দুৰ্যোগ” বিষয়ক ঠাইতে অঁকা চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । প্ৰায় ২৫ টা শিশুৱে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত পাঁচখন শ্ৰেষ্ঠ চিত্ৰক আয়োজকৰ দ্বাৰা পুৰস্কৃত কৰা হয় । প্ৰতিযোগিতাখনৰ পিছত নদীপাৰৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস নকৰাৰ দাবীৰে নদীৰ পাৰে পাৰে এটা শোভাযাত্ৰাও উলিওৱা হয়।কণ কণ ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকসকলে নদীৰ পাৰৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নকৰিবলৈ আৰু গছ সংৰক্ষণৰ দাবীৰে তথা শংকৰদেৱ উদ্যানৰ বেদখল আৰু ধ্বংস বন্ধ কৰাৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে শুক্ৰেশ্বৰ উদ্যানত বহু সংখ্যক পুৰণি আৰু নতুন গছ উন্নয়নমূলক কামৰ বাবে কাটি পেলোৱা হৈছে । ” ব্ৰহ্মপুত্ৰৰ পাৰৰ এই পুৰণি গছবোৰ আমাৰ গুৱাহাটী মহানগৰীৰ ঐতিহ্য।যদিও আমি বহনক্ষম উন্নয়ন বিচাৰো, আমি চহৰৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰাতো কেতিয়াও নিবিচাৰো।শুক্ৰেশ্বৰ উদ্যানৰ সমীপৰ নদীৰ সন্মুখত বৃহৎ পৰিসৰত মূল্যৱান গছ কটাৰ দায়িত্বত থকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো”-এনেদৰে কয় নাগৰিক উন্নয়ন সমিতিৰ খনীন্দ্ৰ লাল শৰ্মাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.