উচ্ছেদৰ বিৰুদ্ধে গৰ্জন কৃষক মুক্তিৰ

Share This Article

খিলঞ্জীয়া লোকক উচ্ছেদ কৰা কাৰ্য বন্ধ কৰাৰ দাবীত ডিব্ৰুগড়ত আজি ‘খিলঞ্জীয়া গৰ্জন’ কাৰ্যসূচী হাতত লোৱা হয়।নামদাং অঞ্চলৰ খিলঞ্জীয়া লোকৰ ওপৰত চলোৱা উচ্ছেদ বন্ধ কৰাৰ দাবীত ডিব্ৰুগড়ত ‘খিলঞ্জীয়া গৰ্জন’ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী জনতাই । লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিবেশ । ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সমীপৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদলেৰে আহি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে ।ডিব্ৰুগড় জিলাৰ টিংখাঙৰ নামদাং সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া বনগাঁৱত বনবিভাগৰ বনানিকৰণৰ পিছতে কৃষিকৰ্মৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে বনবিভাগে । বছৰ বছৰ ধৰি বসবাস কৰাৰ লগতে কৃষিকৰ্ম কৰি অহা ৰাইজ এতিয়া উচ্ছেদৰ আশংকাত ভূগিবলগীয়া হৈছে । মন্ত্ৰী বিমল বৰাৰ এই সমষ্টিটোত বছৰ বছৰ ধৰি ভোগ দখল কৰি খিলঞ্জীয়া ৰাইজৰ ভূমিত স্থাপনৰ বাবে কুচকাৱাজ চলিছে ৰাজ্যিক চিৰিয়াখানা ।ডিব্ৰুগড়ৰ ঘুগুলনী নেপালী গাঁও আৰু ঠেঙাল গাঁৱৰ বৃহত্তৰ অঞ্চলত চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.