ব্ৰাহ্মণ বিদেশী নেকি?

Share This Article

‘ব্ৰাহ্মণ বিদেশী’।
‘এই কথা ডি এন এৰ প্ৰতিবেদনে কৈছে’ ।
‘ব্ৰাহ্মণ সকলে জাতিৰ ভাগ কৰিছে’ ।
‘ব্ৰাহ্মণ সকল ভাৰতৰ মূল নিবাসী নহয়’ ।
‘আমাক বিদেশীয়ে এতিয়াও শাসন কৰি আছে’ ।
অসমৰ মুখ্যমন্ত্ৰীক ডি এন এ পৰীক্ষা কৰিবলৈ আহ্বান অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উপদেষ্টা জয়ন্ত মোহন দাসৰ ।সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ ছয়টা দাবী শীঘ্ৰেই কাৰ্যকৰী কৰাৰ দাবীৰে সোমবাৰে সংগঠন দুটাই মঙলদৈৰ গান্ধী ময়দানত যৌথ ভাবে ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উক্ত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ।বহুধা বিভক্ত অনুসূচিত জাতিয়ে মূল লক্ষ্য উদ্দেশ্যৰ পৰা আঁতৰি ব্ৰাহ্মণ্যবাদৰ বিৰোধিতা কৰাতো অৱস্থান ধৰ্মঘটৰ সময়ত লক্ষণীয় বিষয় হৈ পৰিছে ।লগতে মিছন ভূমিপুত্ৰ বাতিল কৰা, অনুসূচিত জাতিৰ ভুৱা অবৈধ জাতিগত প্ৰমাণ পত্ৰৰ চিআইডি তদন্ত খৰতকীয়া কৰা, ভূমিহীন ভূমিপুত্ৰ অনুসূচিত জাতিৰ লোকসকলক ভূমি পট্টা প্ৰদান কৰাকে ধৰি বিভিন্ন দাবী সমূহ আজিৰ কাৰ্যসূচীৰ জৰিয়তে পূৰণ কৰিবলৈ চৰকাৰক সকীয়াই দিয়ে ।মঙলদৈ গান্ধী ময়দানত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত নাগাৰা, তাল আদিৰ সংযোজনেৰে এক ব্যতিক্ৰম কৰি তোলে প্ৰতিবাদকাৰীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.