বিধায়ক প্ৰমোদৰ ‘প্ৰমোদ’ত ভোল গ’ল বিশ্বনাথবাসী

Share This Article

কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথৰ পশ্চিম চাৰিআলিত সাৰ্বজনীন ৰাসমহোৎসৱ অনুষ্ঠিত হৈছে।এই ৰাস মহোৎসৱত বিষ্ণুৰ ভাৱত অবতীৰ্ণ হৈছে বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ।কেৱল বিধায়ক গৰাকীয়েই নহয়,বিধায়ক গৰাকীৰ পত্নী পৰী বৰঠাকুৰ আৰু পুত্ৰ উদ্দীপ্ত বৰঠাকুৰো অবতীৰ্ণ হৈছে ক্ৰমে লক্ষ্মী আৰু নন্দ উৎসৱৰ ব্ৰাহ্মণৰ চৰিত্ৰত।বিধায়ক গৰাকীৰ লগতে বিধায়ক পুত্ৰ – পত্নীৰ দুৰ্দান্ত অভিনয়ে মুগ্ধ কৰে উপস্থিত দৰ্শকক।দৰাচলতে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ নিজ গাওঁ পশ্চিম চাৰিআলিত বিধায়ক হোৱাৰ পূৰ্বেও ভাওনাত অভিনয় কৰিছিল যদিও বিধায়ক হোৱাৰ পিছত সময়ৰ অভাবৰ বাবে বহু বছৰ ভাও দিবলৈ সক্ষম হোৱা নাছিল।কিন্তু এইবেলি কৰ্মব্যস্ততাৰ মাজতো বিধায়ক গৰাকীয়ে পৰিয়ালৰ সৈতে নিজেও এই ৰাসত ভাও প্ৰদৰ্শন কৰিছে।এই ৰাস মহোৎসৱৰ দ্বাৰা গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ দ্বাৰা সমাজৰ সকলো লোককে সম্প্ৰীতিৰ বান্ধোনৰে বান্ধিবলৈ সক্ষম হৈছে বুলি মন্তব্য প্ৰদান কৰে।ইফালে বিধায়ক প্ৰমোদ বৰঠাকুৰে নিজ গাঁৱত বহু দিনৰ বিৰতিৰ পিছত কৰা এই অভিনয় প্ৰত্যক্ষ কৰিবলৈ বিশ্বনাথৰ বিভিন্ন অঞ্চলৰ অগণন লোকে ভিৰ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.