অভাৱতেই স্বভাৱ নষ্ট হৈছে চোৰৰ

Share This Article

বিশ্বনাথৰ কুমলীয়াত একে নিশাই চাৰিটাকৈ মছজিদত সংঘটিত হল চুৰি কাণ্ড। দানপাত্ৰ ভাঙি লুটি নিলে কেইবা লক্ষ টকা। বিশ্বনাথত ভিন্ন সময়ত নামঘৰ-মন্দিৰত চুৰি হৈ থকাটো নিময়ত পৰিণত হৈ আহিছে ।কিন্তু এইবাৰ চোৰৰ লক্ষ্য হৈ পৰিছে মছজিদ নিৰ্মাণৰ বাবে ৰখা দানপাত্ৰ।দেওবাৰে নিশা বিশ্বনাথৰ কুমলীয়া অঞ্চলৰ চাৰিখনকৈ ধৰ্মীয় অনুষ্ঠানত নিশা সংঘটিত হ’ল চুৰি কাৰ্য।পুৱা স্থানীয় ৰাইজে মছজিদৰ দান পাত্ৰৰ তলা ভঙা অবস্থাত প্ৰত্যক্ষ কৰি নিশ্চিত হয় যে মছজিদৰ দান পাত্ৰত কোনো দুষ্কৃতিকাৰীয়ে এই কাণ্ড সংঘটিত কৰা বুলি।দান পাত্ৰৰ সমীপত উদ্ধাৰ কৰা হৈছে লোহাৰ ৰড আৰু হাতুৰী।স্থানীয় লোকৰ মতে দানপাত্ৰৰ পৰা চাৰি পাঁচ লাখ টকা চুৰি কৰি লৈ গৈছে চোৰে।লগে লগে পুৱা স্থানীয় লোকে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষী গৈ উপস্থিত হয়। ইতিমধ্যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।ইফালে একে নিশাতে চাৰিখনকৈ মছজিদত চুৰি কাৰ্য সংঘটিত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।ইয়াৰ কিছুদিন পূৰ্বেও উক্ত অঞ্চলৰ এটা মন্দিৰতো চুৰি কাৰ্য সংঘটিত হৈছিল।সেয়েহে স্থানীয় ৰাইজে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীক অতি শীঘ্ৰে এই চুৰি কাণ্ডৰ লগত জড়িত থকা লোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.