Investigative reporting with dedication.

কণ্ঠশিল্পী নীল আকাশৰ বিৰুদ্ধে চিমেন চাপৰি যুৱ সমাজে গোচৰ তৰাৰ হুংকাৰ দিছে। অগ্ৰিম ধন লৈও অনুষ্ঠানত উপস্থিত নহ’ল নীল আকাশ।চিমেন চাপৰি যুৱ সমাজৰ উদ্যোগত ১৫ নবেম্বৰ পৰা ১৮ নবেম্বৰলৈকে অনুষ্ঠিত হৈছিল দিবা-নৈশ যুৱ ট্ৰফী ক্ৰিকেট টুৰ্ণামেণ্ট । ১৮ নৱেম্বৰত প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত সংগীতানুষ্ঠান পৰিবেশন কৰাৰ বাবে চুক্তিবদ্ধ হৈছিল জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ। পিছে অন্তিম দিনটোৰ নিশা দুপৰলৈকে হাজাৰ হাজাৰ দৰ্শকে শিল্পীগৰাকীৰ বাবে অপেক্ষাত ৰয় যদিও অৱশেষত শিল্পীজন উপস্থিত নহ’ল । শিল্পীগৰাকীৰ এই কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খেলৰ আয়োজক সমিতিয়ে। অহা ২৪ ঘন্টাৰ ভিতৰত চিমেন চাপৰিত উপস্থিত হৈ ৰাইজৰ ওচৰত ক্ষমা-ভিক্ষা নকৰিলে নীল আকাশৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁলোকে জানিবলৈ দিছে আৰু ভবিষ্যতে চিমেন চাপৰিত শিল্পীজনক প্ৰৱেশ নিষিদ্ধ কৰা হ’ব বুলি সকীয়াই দিছে।




