বোকা চফা কৰা বিষয়া নিজেই ‘বোকা’ত সোমাল

Share This Article

GMCৰ বোকা নিষ্কাষণ কেলেংকাৰীত জড়িত ৮ বিষয়াক গ্ৰেপ্তাৰ কৰিছে CM ভিজিলেঞ্চে। গুৱাহাটী পৌৰ নিগমত কোটিটকীয়া বোকা নিষ্কাষণ কেলেংকাৰীৰ তদন্ত চলাইছিল চিএম ভিজিলেঞ্চে। আজি অৰ্থাৎ শুকুৰবাৰে CM ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰিলে অভিযন্তা, OSD সহ মুঠ ৮জনকৈ ব্যক্তিক। গ্ৰেপ্তাৰ OSD বাবুলাল শৰ্মা, স্বচ্ছতা বিষয়া আছিফ আহমেদ, কাৰ্যবাহী অভিযন্তা শংকৰ মেধি, ৰমাকান্ত শইকীয়া, এলিন বেগম, চিত্তৰঞ্জন দত্তৰ লগতে গ্ৰেপ্তাৰ হিৰণ্য বৰ্মনক । দিনচান গ্ল’বেল ভেন্সাৰ প্ৰাইভেট লিমিটেডৰ সঞ্চালক দীনেশ জয়ছোৱালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে বৰ্তমানো পলাতক হৈ আছে অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তছদিকুৰ ৰহমান। CM ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰা ৮ GMC বিষয়াক ইতিমধ্যে বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.