কেনেকৈ এ আৰ ৰহমানৰ মিউজিক চুৰিত অভিযুক্ত হ’ল অসম চৰকাৰ ?

Share This Article

সংগীত জালিয়াতিৰ অভিযোগত অভিযুক্ত হৈছে অসম চৰকাৰ ৷ বিশ্ব বিশ্ৰুত সংগীতজ্ঞ এ আৰ ৰহমানৰ মিউজিক চুৰিৰ অভিযোগ উত্থাপণ হৈছে অসম চৰকাৰৰ বিৰুদ্ধে ৷

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সম্পূৰ্ণ কৰিলে ১০০ টা দিন ৷ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষত মুখ্যমন্ত্ৰীয়ে নিজ হাতেৰে মুকলি কৰিছে ১০০ দিনৰ কামৰ খতিয়ান ৷ কেৱল খতিয়ান দিয়াই নহয় , ১০০ দিনৰ সফলতাৰ কাহিনীও বিজ্ঞাপন আকাৰে প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰখনে ৷ কিন্তু বিগত ১০০ টা দিনত প্ৰায়ে হোৱাৰ দৰে এইবাৰো বিজ্ঞাপনে সৃষ্টি কৰিছে এক নতুন বিতৰ্কৰ ৷ ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে টেলিভিছন যোগে প্ৰচাৰ কৰা এটা বিজ্ঞাপনৰ বিৰুদ্ধে উত্থাপণ হৈছে চুৰিৰ অভিযোগ ৷ অভিযোগ অনুসৰি এই বিজ্ঞাপনত ব্যৱহাৰ কৰা সংগীত আৰু দৃশ্যাংশৰ আৰ্হি নকল কৰা হৈছে এখন তামিল টেলিভিছন ছিৰিজৰ পৰা ৷ এই চিৰিজৰ টাইটেল চঙ প্ৰস্তুত কৰিছে বিশ্ব বিশ্ৰুত সংগীতকাৰ এ আৰ ৰহমানে ৷ কিন্তু নেটফ্লিকছত ছিৰিজখন মুকলি হোৱাৰ পাছতেই টাইটেল চঙৰ সংগীত নকল কৰি আনি ব্যৱহাৰ কৰা হ’ল অসম চৰকাৰৰ ১০০ দিনীয়া সফলতাৰ বিজ্ঞাপনত ৷

বিজ্ঞাপনটোত তথ্য আৰু জনসংযোগ বিভাগে অসম চৰকাৰৰ ড্ৰাগছ বিৰোধী অভিযান , গো সুৰক্ষা আইন ,প্ৰতিমাহৰ দহ তাৰিখে বৃদ্ধ – মহিলা আৰু দিব্যাংগ পেঞ্চন প্ৰদান ,মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই , ভঙা মথাউৰিৰ পুণৰ নিৰ্মান , বিদ্যুৎ চৰি ৰোধ আদিক সফলতাৰ মাইলষ্ট’ন হিচাপে অভিহিত কৰিছে ৷ অনিৰুদ্ধ যাত্ৰাৰ ১০০ টা খোজ শীৰ্ষক বিজ্ঞাপনটোৰ জড়িয়তে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ পৰা আশীৰ্বাদো বিচাৰিছে ৷

EXCLUSIVE: বাতৰিটো ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক ৷

অসম চৰকাৰৰ সফলতাৰ বিজ্ঞাপনৰ সংগীত আৰু দৃশ্যাংশৰ আৰ্হি ‘নৱাৰসা’ নামৰ তামিল চিৰিজটোৰ পৰা চুৰ কৰাৰ অভিযোগ উঠছে ৷ বিগত ৬ আগষ্টত নেটফ্লিক্সত মুক্তি পোৱা ‘নৱাৰসা’ৰ প্ৰযোজনা হ’ল মাদ্ৰাজ টকিজ আৰু কিউব চিনেমা টেকন’লজীৰ ৷৯ টা খণ্ডৰ ছিৰিজটোৰ প্ৰযোজক হিচাপে আছে যশস্বী পৰিচালক মণিৰত্নম , জয়েন্দ্ৰ আৰু পঞ্চপাকেছান ৷ কেৱল সেয়াই নহয় অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে সফলতাৰ বিজ্ঞাপনত যি সংগীত ব্যৱহাৰ কৰিছে , সেয়া নৱাৰসাৰ বাবে প্ৰস্তুত কৰিছে বিশ্ব বিখ্যাত সংগীতকাৰ এ আৰ ৰহমানে ৷ কিন্তু সফলতাৰ ঢাক ঢোল বজাবলৈ গৈ এ আৰ ৰহমানৰ মিউজিকেই চুৰ কৰিলে অসম চৰকাৰে ৷ স্বাভাৱিকতে সংগীত চুৰিৰ এই নতুন ঘটনাই অসম চৰকাৰক আকৌ এবাৰ সমালোচনাৰ পাত্ৰ কৰি তুলিব ৷

বিজ্ঞাপনক লৈ বিগত ১০০ টা দিনৰ কাৰ্যকালত এইবাৰেই প্ৰথমবাৰ সমালোচনাৰ সন্মুখীন হোৱা নাই ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখন ৷ ইয়াৰ পূৰ্বে লাভলীনা বৰগোহাঁইক অভিনন্দন জনাবলৈ গৈ মুখ্যমন্ত্ৰীৰ ফটো দৃষ্টিকটুভাৱে ব্যৱাৰ কৰি ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল অসম চৰকাৰ ৷ এই লৈ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে তথ্য আৰু জনসংযোগ বিভাগে দ্য ক্ৰছকাৰেন্টৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ ৷ কিন্তু এইবাৰ খোদ তথ্য আৰু জনসংযোগ বিভাগেই এ আৰ ৰহমানৰ দৰে সংগীতজ্ঞৰ মিউজিক সফলতাৰ বিজ্ঞাপনত ব্যৱহাৰ কৰি নতুন বিতৰ্কত সোমাই পৰিছে৷ তাতে এই বিজ্ঞাপনত ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰীৰ বক্তব্য ৷ তামিল ছিৰিজ ‘নৱাৰসা’ৰ পৰা এ আৰ ৰহমানৰ মিউজিক অসম চৰকাৰৰ জনসংযোগ বিভাগে চুৰ কৰাৰ অভিযোগ উত্থাপণ হোৱাৰ পাছত বিভাগটো মন্ত্ৰী পীয়ূষ হাজৰিকাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে , সেয়া লক্ষণীয় হ’ব ৷

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.