ডিটেনশ্যন চেন্টাৰৰ নতুন নাম কি ?

Share This Article

অসমত থকা ডিটেনশ্যন চেন্টাৰসমূহ এতিয়াৰে পৰা পৰিচিত হ’ব ‘ট্ৰানজিত কেম্প’ হিচাপে৷ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুখ্য সচিব নীৰজ বাৰ্মা স্বাক্ষৰিত এখন জাননীত এই ঘোষণা কৰা হয় ৷

ৰাজ্যত বৰ্তমান ৬ টা ডিটেশ্বন চেন্টাৰ আছে ৷ এই ডিটেনশ্ব চেন্টাৰসমুহত এতিয়া আৱদ্ধ হৈ আছে ১৮১ জন লোক ৷ ইয়াৰে ৬১ জন ঘোষিত বিদেশী আৰু ১২০ জন শাস্তিৰ সন্মুখীন হোৱা বিদেশী ৷ তেওলোক এতিয়া নিজ দেশলৈ প্ৰত্যাৱৰ্তনৰ অপেক্ষাত আছে ৷

গৃহ বিভাগে ১১ বছৰ পুৰণি চৰকাৰী জাননীৰ সাল সলনি ঘটাই এই  নতুন নামাকৰণ কৰে যদিও ইয়াৰ কাৰণ উল্লেখ কৰা নাই ৷

অসমৰ ডিব্ৰুগড় , গোৱালপাৰা , যোৰহাট , কোকৰাঝাৰ , শিলচৰ আৰু তেজপুৰত এই ডিটেনশ্ব চেন্টাৰসমূহ আছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.