চৰকাৰৰ ১০০ দিন : কোন তিনিগৰাকী মন্ত্ৰীৰ বাবে অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা  ?

ড: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সম্পূৰ্ণ কৰিলে ১০০ টা দিন ৷ এশটা দিনৰ কাম কাজক লৈ সফলতাৰ খতিয়ান দাঙি ধৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু এই এশটা দিনত তিনিগৰাকী মন্ত্ৰীৰ কাম কাজে বেকফুটলৈ ঠেলি দিলে চৰকাৰখনক ৷অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী ৷ কোন এই তিনিগৰাকী মন্ত্ৰী ?

শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু

শিক্ষামন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই ডা: ৰণোজ পেগুয়ে ঘোষণা কৰিছিল যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’বই ৷ ইয়াৰ বাবে ছাত্ৰ – ছাত্ৰীসকলক সাজু হ’বলৈও তেও পৰামৰ্শ দিলে ৷ কিন্তু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰীৰ এই ঘোষণাক নস্যাৎ কৰিলে ৷ অৱশেষত বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ তাৰ পাছত বিকল্প মূল্যায়ণ পদ্ধতিৰে ফলাফল ঘোষণাৰ সিদ্ধান্ত হ’ল ৷তাতো কেণা লাগিল ৷ শিক্ষামন্ত্ৰীয়ে সংবাদমেল পাতি ঘোষণা কৰিলে যে বিকল্প মূল্যায়নৰ মাৰ্কশ্বীট চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব ৷ ইয়াকে লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত অৱশেষত শিক্ষা বিভাগে এই সিদ্ধান্ত বাতিল কৰিবলগীয়া হ’ল ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

ৰঞ্জিত কুমাৰ দাসে সংবাদমেল পাতি মুকলি কৰিলে আদৰ্শ নাগৰিক চনত ৷ এই চনদ মুকলি হোৱাৰ লগে লগে ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ল ৷ কিয়নো আদৰ্শ নাগৰিক চনদ অনুসৰি , গাঁৱত ঘৰ বান্ধিলে , ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিলে পঞ্চায়তৰ অনুমতি লোৱাটো বাধ্যতামূলক কৰাৰ লগতে কৰ দিয়াৰ পোষকতা কৰা হৈছিল ৷ কোভিড আৰু লকডাউনে ৰাজ্যবাসীক জুৰুলা কৰাৰ সময়ত নতুন কৰ ঘোষণাৰ লগে লগে সমালোচনাৰ জোৱাৰ উঠিল ৷ এক অস্বস্তিকৰ পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে স্পষ্টীকৰণ দিবলগীয়া হ’ল যে গাঁৱত ঘৰ বান্ধিলে কৰ লোৱাৰ প্ৰশ্নই নুঠে ৷

পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

ৰাষ্ট্ৰীয় ঘাইপথত ৪০ কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলালে ২০০০ টকাৰ জৰিমনা বিহাৰ নিয়ম প্ৰৱৰ্তন কৰিলে ৰাজ্যৰ পৰিবহণ বিভাগে ৷ কোনো আগতীয়া বিজ্ঞাপন , প্ৰচাৰ নোহোৱাকৈ পৰিবহণ বিভাগে ইন্টাৰচেপ্তৰৰ গতিবেগ নীৰিক্ষণৰ কাম আৰম্ভ কৰিলে আৰু বহু ব্যক্তিৰ ফোনলৈ প্ৰেৰণ কৰা হ’ল জৰিমনাৰ চালান ৷ লগে লগে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিল ৷ এফালে টোলকৰ লগোৱা ঘাইপথত ৪০ কিলোমিটাৰ গতিবেগ , আনফালে ২ হাজাৰ টকাৰ জৰিমনা – ৰাজ্যবাসী জাঙুৰ খাই উঠিল ৷ চন্দ্ৰমোহন পাটোৱাৰীয়ে আত্মপক্ষ সমৰ্থন কৰি ক’লে যে দুৰ্ঘটনা ৰোধ কৰি ৰাজ্যবাসীৰ জীৱন বচাবলৈহে এই পদক্ষেপ লোৱা হৈছে ৷ কিন্তু এই পদক্ষেপক লৈ চাৰিওফালৰ পৰা চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ আৰম্ভ হ’ল ৷পৰিস্থিতি হিতে বিপৰীত হোৱা দেখি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নিজে হস্তক্ষেপ কৰিলে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ জৰিমনা সংগ্ৰহ সাময়িকভাৱে বন্ধ ৰাখিলে ৷

এইদৰেই তিনিগৰাকী মন্ত্ৰীৰ কাম- কাজৰ বাবে ১০০ টা দিনৰ কাৰ্যকালত অস্বস্তিৰ সন্মুখীন হ’ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ৷

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296