শিলনী নদীত উটি গ’ল এজন

Share This Article

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ শিলনীত বনভোজ খাবলৈ আহি সলিল সমাধি ঘটিল ডিমাপুৰৰ এজন লোকৰ।কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ সমীপৰ শিলনীত পৰ্যটক সকলৰ বাবে আকৰ্ষণীয় আৰু নৈসৰ্গিক প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ আহি সলিল সমাধি ঘটিল ডিমাপুৰৰ এজন ৩৭ বছৰীয়া ব্যক্তিৰ৷নববৰ্ষৰ প্ৰাকক্ষণত বন্ধু বৰ্গৰ সৈতে বনভোজ খাবলৈ আহি যুৱক জনে অকাল মৃত্যুক সাৱটিবলগীয়া হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পাৰ্বত্য জিলাখনত।আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি সোমবাৰে ডিমাপুৰ চিগ্নেল বস্তীৰ টিকে কল’নিৰ চিকান্দৰ কৰ্মকাৰে আন তিনি সতীৰ্থ বন্ধুৰ সৈতে বনভোজ খাবলৈ আহি শিলনী নদীত গা ধুবলৈ যায়।চিকান্দৰে ওখ শিল এচটাত উঠি পানীত জঁপিয়াই নিৰুদ্দেশ হৈ পৰে।মাঞ্জা আৰক্ষীয়ে ঘটনাৰ খবৰ লাভ কৰি উক্ত স্থানত অভিযান চলায় যদিও চিকান্দৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ।আজি পুৱাৰ ভাগত মাঞ্জা আৰক্ষীয়ে হোজাইৰ পৰা অনা এছ ডি আৰ এফৰ সহায়ত অভিযান চলাই চিকান্দৰ কৰ্মকাৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.