যমুনা বড়োৰ চাকৰি , ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উপৰি কেবিনেটত আৰু কি সিদ্ধান্ত ?

Share This Article

বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

▶️  কেবিনেটে আন্তঃৰাষ্ট্ৰীয় বিক্সিং চেম্পিয়ন যমুনা বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়ন সঞ্জয় বড়োক আবকাৰী বিভাগৰ পৰিদৰ্শক হিচাপে নিযুক্তিত অনুমোদন জনায়৷ অহা ৩ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচীত ক্ৰীড়াবিদ দুগৰাকীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব৷

▶️ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ডাঃ সম্ভুধ্ব ধৰ [ Dr. Sambuddha Dhar]ক নিউৰ’চাৰ্জন হিচাপে নিযুক্তি প্ৰদানৰ বাবে  কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

▶️ অৰুণোদয় আঁচনিৰ পুঁজিৰ বাবে এতিয়াৰে পৰা বিত্ত বিভাগলৈ এফ অ’ চি প্ৰেৰণ কৰিব নালাগে৷ বিভাগে প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ বেংক একাউণ্টলৈ আঁচনিৰ ধনৰাশি প্ৰত্যক্ষভাৱে প্ৰেৰণ কৰিব পাৰিব৷

▶️ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ দাবীৰ প্ৰতি সন্মান জনাই  কেবিনেট বৈঠকে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ নাম ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

▶️ ক’ভিড-১৯ৰ যাৱতীয় খৰচৰ বাবদ দিবলগীয়া ৬৬০ কোটি টকা ৰাজ্যৰ উপায়ুক্তসকললৈ মুকলি কৰি দিয়াৰ বাবে  কেবিনেটে অনুমোদন জনায়৷

▶️ ক’ভিড-১৯ত মৃত্যুবৰণ কৰা ৰাজ্যখনৰ প্ৰায় ৬৫০০ ব্যক্তিৰ নিকটাত্মীয়লৈ ‘প্ৰাৰ্থনা’ আঁচনিৰ জৰিয়তে এককালীনভাৱে ১ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে  কেবিনেটে অনুমোদন জনায়৷ অহা ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনাখন প্ৰতি জিলাৰ অভিভাৱক মন্ত্ৰীসকলে সংশ্লিষ্ট জিলাসমূহত এই ধনৰাশিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.