চোৰাং বেপাৰীৰ দপদপনি পৰ্বতঝোৰাত

Share This Article

ধুবুৰী জিলাৰ পৰ্বতঝোৰা বনাঞ্চলত চলিছে চোৰাং কাঠ বেপাৰীৰ ৰাজত্ব । ফুল কুমলীয়া শাল গছ কাটি বংগ লৈ সৰবৰাহ কৰে এই চোৰাংবেপাৰীবোৰে৷ বন সুৰক্ষাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বন বিভাগটো ।বনজ সম্পদ আৰু বন্য প্ৰাণী সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে নতুন নতুন পৰিকল্পনা আৰু আঁচনি গ্ৰহণ কৰি থকা সময়ত চোৰাং কাঠ বেপাৰী আজিও মূল্যবান গছ গছনি কাটি তহলিং কৰি আহিছে।এই ঘটনা সংঘটিত হৈছে পৰ্বতঝোৰা মহকুমাৰ বাশবাৰী ৰেঞ্জৰ মাৰশুলঝোৰা, খৰখৰি আৰু বাশবাৰী ফৰেষ্ট কাৰ্যালয়ৰ অধীনস্থ বনাঞ্চল এলেকাত । বনজ সম্পদ সুৰক্ষা দিয়াত বন বিভাগ যে সম্পূৰ্ণৰূপে ব্যৰ্থ তাকে প্ৰমাণিত কৰিছে চোৰাং চিকাৰীৰ কাৰ্যকলাপে ।অসম তথা বিটিচি অঞ্চলৰ মূল্যবান গছ গছনি কাটি পশ্চিম বংগত সৰবৰাহ কৰি আহিছে চোৰাং কাঠ বেপাৰীয়ে । পৰ্বতঝোৰা বন সংমণ্ডলৰ ভিতৰুৱা এলেকাৰ সৰু সৰু ফুল কুমলীয়া শাল গছ সমূহ কাটি মাৰশুলঝোৰা আৰু খৰখৰি বিট কাৰ্যালয়ৰ ওপৰেদি পাৰাপাৰ কৰাৰ অভিযোগ তুলিছে সচেতন মহলে। কুমলীয়া শাল গছ সমূহ বনাঞ্চলৰ পৰা ট্ৰেক্টৰ , ই-ৰিস্কা , ঠেলা আদিৰে আনি ধুবুৰী-কোকৰাঝাৰ জিলাৰ সীমাৰে বংগত প্ৰেৰণ কৰি আহিছে। বন বিভাগৰ নিষ্ক্ৰিয়তাৰ বাবে চোৰাং কাঠ বেপাৰী সকলে ফুল কুমলীয়া শাল গছ সমূহ কাটি তহলিং কৰি আহিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.