Investigative reporting with dedication.

নগাঁৱৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী অসীম কুণ্ডুৰ দেহাৱসান।নিশা নগাঁও চহৰৰ জ্যোতিনগৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপজনিত ৰোগল আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল কুণ্ডু।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ ।নগাঁও ফটোগ্ৰাফাৰ এছ’চিয়েছনৰ সভাপতি আছিল প্ৰয়াত কুণ্ডু।ইয়াৰোপৰি ‘বিস্ময়’ আলোচনীৰ ফটোগ্ৰাফাৰ আছিল প্ৰয়াত কুণ্ডু।ছবি নিৰ্মাতা অৰূপ মান্নাৰ সকলো ছবিৰেই স্থিৰ চিত্ৰ গ্ৰহণকাৰী আছিল জ্যেষ্ঠ ফটোগ্ৰাফাৰ গৰাকী।অধুনালুপ্ত জনপ্ৰিয় স্থানীয় নিউজ চেনেল ‘নগাঁও টকছ’ৰো জ্যেষ্ঠ ফটো সাংবাদিক আছিল তেওঁ।নগাঁও চহৰৰ মাজমজিয়াতে তেওঁৰ আছিল ‘ৰিয়েল ফটো ইমেজ’ নামৰ এটা ষ্টুডিঅ’ও।তেওঁৰ মৃত্যুত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰিছে।




