সেৱাৰ দিন গ’ল,খেদাৰ দিন আহিল হাতীক !

Share This Article

নিশা হ’লেই এতিয়া নগাঁৱৰ বিভিন্ন স্থানত আতংকৰ কাৰণ হৈ পৰিছে বন্যহস্তী  বনাঞ্চল এৰি এতিয়া জনাঞ্চলত মুক্ত বিচৰণ কৰিছে শতাধিক বন্যহস্তীয়ে । নিশা কন্দলী পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাক পাৰ হয় ননৈ শ’লমাৰী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে । বন্যহস্তীৰ জাকটো পাৰ হোৱাৰ সময়ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে বহু যান বাহন আবদ্ধ হৈ পৰে ।খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে গঞা ৰাইজ । হাতী খেদাত ব্যৰ্থ হৈছে নগাঁৱৰ বন বিভাগ । বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈছে নগাঁৱৰ কঠিয়াতলী, কন্দলী, ননৈ, ৰাঙলু, গমাৰিআটিৰ লগতে ১০ খনৰো অধিক গাঁৱৰ ৰাইজ ।দিনে নিশাই উপদ্ৰৱ চলাই বন্যহস্তীৰ জাকে, এফালৰ পৰা পকা ধান খায় তহিলং কৰাৰ লগতে অনিষ্ট কৰিছে হাজাৰ হাজাৰ বিঘা পকা ধান ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.