কুম্ভকৰ্ণ নিদ্ৰাত হাইলাকান্দি বন বিভাগ

হাইলাকান্দি বন বিভাগে জব্দ কৰিলে তিনি খন কৈ অবৈধ বালি ভৰ্তি ট্ৰাক।হাইলাকান্দিৰ জিলাৰ ৰতনপুৰৰ পৰা জব্দ কৰিলে এই তিনি খন কৈ অবৈধ বালি ভৰ্তি ট্ৰাক । হাইালাকান্দিত দিনে নিশাই চলি আছে অবৈধ বালিৰ ছিণ্ডিকেট ৷ কিন্তু এই ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিবৰ্তে কুম্ভকৰ্ণ নিদ্ৰাত হাইলাকান্দি জিলাৰ বন বিভাগ । হাইলাকান্দি বন বিভাগে কেতিয়াবা এখন দুখন অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ কৰে যদিও হাইলাকান্দিত একাংশ বন মাফিয়াই চলাই আছে অবৈধ বালি ব্যবসায় । এই বিষয়ত একপ্ৰকাৰ নীৰৱ ভূমিকা পালন কৰি আছে হাইলাকান্দি বন বিভাগে। উল্লেখ্য কালি নিশা হাইলাকান্দিৰ ৰতনপুৰ পৰা তিনি খন অবৈধ বালি ভৰ্তি ট্ৰাক জব্দ কৰে হাইলাকান্দি বন বিষয়া (DFO )অখিল দত্তই ।এখনো ট্ৰাকৰ নাই কোনো কাগজ, নাই কোনো চালান । কাগজবিহীন বালি ভৰ্তি ট্ৰাকে কেনেকৈ হ‍াইলাকান্দিৰ জিলাৰ ৰতনপুৰৰ পৰা হাইলাকান্দিৰ আলগাপুৰলৈ সামগ্ৰী লৈ গৈ আছিল আৰু কাক মেনেজ কৰি একাংশ বালি মাফিয়াই এনে দুস্কাৰ্য চলাই আছে সেইটোহে বিচাৰ্যৰ বিষয়।এই ছিণ্ডিকেটৰে তিনিখন অবৈধ বালি ভৰ্তি ট্ৰাক বন বিভাগে জব্দ কৰিছে যদিও কিন্তু সংবাদ মাধ্যমৰ আগত এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই হাইলাকান্দি বনবিভগে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296