পুনৰ মুকলি হ’ল কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান

Share This Article

বিগত ৫ মাহৰ অন্তত পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যান। ক’ভিড মহামাৰী ৰ বাবে পৰ্যটকৰ বাবে বন্ধ হৈ আছিল উদ্যানখন। ক’ভিড পৰিস্থিতি কিছু শাম কটাৰ বাবে ক’ভিড প্ৰটোকল মানি উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰে উদ্যান কৰ্তৃপক্ষই। পুনৰ মুকলি হোৱা উদ্যানখনলৈ ইতিমধ্যে স্থানীয় বহু লোকৰ আগমণ ঘটিছে আৰু উদ্যান কৰ্তৃপক্ষইয়ো উদ্যানখনলৈ পৰ্যটকসকলক স্বাগতম জনাইছে। তেওঁলোকৰ আহ্বান জৈৱ বৈচিত্ৰৰ লগতে অসমৰ থলুৱা সংস্কৃতি উপভোগ আৰু থলুৱা খাদ্যৰ সুৱাদ লবলৈ উদ্যানখনলৈ আহক। এইবাৰ কেইবাটাও নতুন অনুষ্ঠানৰ সংযোজন কৰিছে বুলি জনায় উদ্যান কৰ্তৃপক্ষই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.