নুমলীগড়ত সদৌ অসম আমন্ত্রণমূলক ‘সপ্ত ছহিদ সোঁৱৰণী একাংক নাটক প্ৰতিযোগিতা’

নুমলীগড় ৰিফাইনেৰী এমপ্লইজ ইউনিয়নৰ উদ্যোগত আৰু নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত আয়োজিত সদৌ অসম আমন্ত্রণমূলক সপ্ত ছহিদ সোঁৱৰণী ষষ্ঠ বার্ষিক একাংক নাটক প্রতিযোগিতাত ৰাজ্যখনৰ ১৪ টা দলে যোগদান নিশ্চিত কৰিছে । ইতিমধ্যে আয়োজক সমিতিয়ে ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অহা ২৮ ডিচেম্বৰত নুমলীগড় আঞ্চলিক মইনা পাৰিজাতে সফলতাৰ চাবিকাঠি, মঙ্গলদৈৰ জেংৰাই নাট্যদলে ডিগনিটি অৱ লেবাৰ, নলবাৰীৰ প্ৰজন্মই নিংনি ,যোৰহাটৰ কল্যানী থিয়েটাৰ সৎকাৰ বিশ্বনাথ চাৰিআলিৰ গামোছা নাট্যদলে অন্তৰাগ আৰু সার্বজনীন কেন্দ্র নুমলীগড়ে বান নাটকেৰে প্ৰতিযোগিতাত নামিব। আনহাতে ২৯ ডিচেম্বৰত বোকাখাতৰ সাৰথি নাট্যদলে ভেকুৱাম, লক্ষীমপুৰৰ ইংগিত নাট্যদলে দেৱদাসী গুৱাহাটীৰ শিল্প চ’ৰাই নাট্যদলে ভয় চৰাইদেউৰ ছন্দ নাট্যগোষ্ঠীয়ে বদহজম নগাঁৱৰ ভাস থিয়েটাৰে দেউতা দুলীয়াজানৰ কঠীয়া মাইম এন্ড ড্রামা একাডেমীয়ে ভায়োলিন বোকাখাতৰ নবা নাট্যকর্মীয়ে বনচাই আৰু গুৱাহাটীৰ ৰংগৰাগ নাট্যদলে জোনটি ওলালে তৰাটি ওলাব নাটক ৰূপায়িত কৰিব।প্রতিযোগিতাৰ লগত সংগতি ৰাখি বোলছবি পৰিচালক প্রযোজক নাট্যকাৰ দীনেশ গগৈ আৰু নুৰুল চুলতানক সম্বর্ধনা জনোৱা হব। উক্ত অনুষ্ঠানত বিশিষ্ট অভিনেতা প্রাঞ্জল শ‍ইকীয়া, পূর্ণিমা পাঠক শ‍ইকীয়া, জয়ন্ত ভাগৱতী গীতাৱলী ৰাজকুমাৰী, আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য বিশিষ্ট নাট্যকাৰ ড° নৰেন পাটগিৰি নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনকে আদি কৰি শোধনাগাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকিব।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296