লানি লানি গাড়ী,মালিক কিন্তু প্ৰবঞ্চক

Share This Article

নলবাৰীত আৰক্ষীৰ জালত এজন প্ৰৱঞ্চক।ধৃত প্ৰৱঞ্চকটোৰ নাম ইন্দ্ৰজিৎ দাস। নলবাৰীৰ খাৰজাৰা নিবাসী ইন্দ্ৰজিৎ দাসে ৰাজ্যৰ ভিন্ন ঠাইত প্ৰৱঞ্চনাৰ জাল মেলি গঢ়িছিল সম্পত্তিৰ পাহাৰ।ধুবুৰী,বেলশৰ আৰু নলবাৰী আৰক্ষীয়ে যুটীয়াভাৱে ৰাতিপুৱাৰে পৰা কেবাঘন্টা ধৰি প্ৰৱঞ্চকটোৰ ঘৰত তালাচী চলোৱাৰ অন্তত আটক কৰা হয় ইন্দ্ৰজিত দাসক।তালাচীৰ সময়ত আৰক্ষীয়ে জব্দ কৰে তিনিখনকৈ বিলাসী বাহন।জব্দকৃত বিলাসী বাইক জাৱা এএছ ১৪ এন ২৩৪৮ ৰ লগতে চাফাৰী এএছ ১৪ পি ৫০৮৮ আৰু টিয়াগ’ এএছ ১৪ এল ৯৬২৭।সম্প্ৰতি নলবাৰী সদৰ আৰক্ষী থানাত সোধপোছৰ বাবে ৰখা হৈছে ধৃত প্ৰৱঞ্চক ইন্দ্ৰজিতক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.