সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সাৱধান !ছেকেণ্ডতে আপোনাক অপৰাধী সজাব আৰক্ষীয়ে !

অসমত কেনেকৈ ভুৱা এনকাউন্টাৰ কৰা হয় ? কেনেকৈ ৰচনা কৰা হয় ভুৱা এনকাউন্টাৰৰ চিত্ৰনাট্য ? এনকাউন্টাৰৰ তদন্ত প্ৰতিবেদনে উদঙালে ভুৱা এনকাউন্টাৰৰ স্বৰূপ ।দ্য ক্ৰছ কাৰেণ্টৰ হাতত কচলুখোৱা এনকাউন্টাৰৰ প্ৰতিবেদন আহি পৰিছেহি। নগাঁৱৰ কীৰ্তিকমল বৰাক আপোনাৰ মনত আছেনে ? বছৰটোৰ প্ৰথমটো মাহতে মাকৰ বাবে ঔষধ কিনি ওভতাৰ বাটত তেওঁ গুলীবিদ্ধ হৈছিল । যাক ড্ৰাগছ পেডলাৰ আখ্যা দিয়া হৈছিল ।হয় , কীৰ্তিকমল বৰাক ৰাজপথত গুলীওৱা হৈছিল , তাৰ পাছত অহৰহ তেওঁক ড্ৰাগছ পেডলাৰ সজোৱাৰ চেষ্টা কৰা হৈছিল । সেয়া আছিল বিগত ২২ জানুৱাৰীৰ ঘটনা। টিউছনৰ পৰা ওভতাৰ পাছত মাকৰ বাবে ঔষধ কিনিবলৈ ওলাই গৈছিল কীৰ্তিকমল বৰা । ঔষধ লৈ অহাৰ বাটত মুখামুখি হৈছিল অসম আৰক্ষীৰে । তাৰ পাছত গুলীবিদ্ধ হৈ পৰি ৰৈছিল ৰাজপথত । নগাঁৱৰ কচলুখোৱাত সংঘটিত সেই এনকাউন্টাৰৰ পাছত কীৰ্তিকমলক ড্ৰাগছ ব্যৱসায়ী সজোৱাৰ আপ্ৰাণ চেষ্টা চলোৱা হৈছিল । কিন্তু এনকাউন্টাৰৰ বিৰুদ্ধে প্ৰবল জনমত সৃষ্টি হোৱাৰ পাছত অসম চৰকাৰে গঠন কৰে এজনীয়া তদন্ত আয়োগ । তেতিয়াৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰক লৈ গঠন কৰা আয়োগে ২২ ফেব্ৰুৱাৰীত দাখিল কৰে নিজৰ তদন্ত প্ৰতিবেদন । এই প্ৰতিবেদনতে উন্মোচন হৈছে – অসম আৰক্ষীৰ চূড়ান্ত মিথ্যাচাৰ ৷ উন্মোচন হৈছে – কিদৰে নিৰপৰাধী লোকক ড্ৰাগছ ব্যৱসায়ী সজাই এনকাউন্টাৰ কৰা হয় , তাৰ বিস্ফোৰক তথ্য । দ্য ক্ৰছকাৰেন্টে আৰ টি আই আবেদনৰ জড়িয়তে লাভ কৰিছে কচলুখোৱা তিনি আলিত সংঘটিত কীৰ্তিকমলৰ এনকাউন্টাৰৰ প্ৰতিবেদন। কি আছে পৱন কুমাৰ বৰঠাকুৰৰ প্ৰতিবেদনত ?পৱন কুমাৰ বৰঠাকুৰ আয়োগৰ ওচৰত দিয়া ভাষ্য অনুসৰি কীৰ্তিকমল বৰাই কৈছিল-২০২০ চনত নগাওঁ কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে কীৰ্তিকমল বৰাই । তেওঁ ঘৰে ঘৰে টিউছন কৰি জীৱিকা উপাৰ্জন কৰে ।২২ জানুৱাৰীৰ সন্ধিয়াও টিউছনৰ পৰা উভতিছিল কীৰ্তিকমল । তাৰ পাছত ওলাই গৈছিল দৰৱ কিনিবলৈ । নগাওঁ চিভিল হাস্পতালৰ ওচৰৰ বৰা ফাৰ্মাচীৰ পৰা পলিবিয়ন দৰৱ কিনে আৰু ওভতাৰ বাটত ৰে’ল লাইনৰ ওচৰত থকা পান দোকানত ৰৈ মাকৰ বাবে এটা পানো কিনে । ঘৰলৈ আহি থাকোতে তেওঁ দেখে যে ৭-৮ জন মানুহে এজন লোকক প্ৰহাৰ কৰি আছে । আটাইকেইজন লোকেই আছিল সাধাৰণ পোছাকত । কীৰ্তিকমলে তাৰ মাজৰ কোনো এজনকে চিনি পোৱা নাছিল। মানুহকেইজনৰ ওচৰত কীৰ্তিকমলে নিজৰ মটৰ চাইকেলখনৰ গতি কমাই দিয়ে । তেনেতে এজন মানুহ ওচৰলৈ আহি সেই ঠাইৰ পৰা আঁতৰি যাবলৈ ধমকি দিয়ে । কীৰ্তিকমলে এইবাৰ নিজৰ বাইকখন ৰখাই কিয় বেয়া ব্যৱহাৰ কৰিছে বুলি প্ৰশ্ন কৰে । কিন্তু মানুহজনে ওলোটাই তেওঁক লাঠীৰে কোবাবলৈ আৰম্ভ কৰে । এজন ব্যক্তিয়ে এখন হাতেৰে তেওঁৰ ডিঙিত ধৰে আৰু আনখন হাতেৰে সোঁ উৰুত গুলী কৰি দিয়ে ।কিন্তু এই ঘটনাৰ বিপৰীত বাখ্যা আছিল কীৰ্তিকমলৰ ভৰিত গুলীওৱা এছ আই প্ৰদীপ বণিয়াৰ ভাষ্যত । সেইদিনা এন্টি নাৰ্কোটিক চেলৰ মুৰব্বীৰ দায়িত্বত থকা প্ৰদীপ বণিয়াই কৈছিল –২২ জানুৱাৰীৰ দিনটোত এন্টি নাৰ্কোটিক চেলৰ মূৰব্বীৰ দায়িত্বত থকা এছ আই প্ৰদীপ বণিয়াই তদন্ত আয়োগৰ সন্মুখত কয় যে সিদিনা সন্ধিয়া প্ৰায় ৫.৩০ বজাত এটা সূত্ৰৰ পৰা তেওঁ খবৰ লাভ কৰে যে কচলুখোৱা অঞ্চলত এজন ব্যক্তিয়ে ড্ৰাগছ বিক্ৰী কৰি আছে । অঞ্চলটো নিৰীক্ষণৰ বাবে তেওঁ এন্টি নাৰ্কোটিক স্কোৱাডৰ আন সদস্যসকলক লৈ ওলাই যায় । সেই সময়তে হোৱাটছ এপত এছ পি আনন্দ মিশ্ৰৰ পৰা এটা খবৰ লাভ কৰে যে বাদশ্বাহ নামৰ এজন ব্যক্তিয়ে ড্ৰাগছ বিক্ৰী কৰি আছে , তেওঁৰ ওপৰত চকু ৰাখিব লাগে । কিছু সময় পাছত কচলুখোৱা ৰাস ফিল্ডৰ ওচৰত তেওঁ দেখে যে এজন ব্যক্তি বাইকৰ ওপৰত বহি আছে আৰু আনজনে থিয় হৈ সুৰাপান কৰি আছে । তেওঁলোকে বণিয়া আৰু পাটৰক পৰিচয় সোধে । পুলিচ বুলি পৰিচয় দিয়াৰ পাছতেই এজন ব্যক্তিয়ে পলায়ন কৰে আৰু কনিষ্টবল ভাস্কৰ পাটৰে তেওঁৰ পিছ লয় ।বণিয়াই আন জন লোকক ধৰি ৰাখে । তেনে সময়তে মটৰ চাইকেলত অহা এজন লোক আহি তেওঁৰ ওচৰত ৰয় আৰু কি কৰি আছে সোধে । বণিয়াই নিজকে পুলিচৰ মানুহ বুলি পৰিচয় দিয়াৰ পাছতো যুৱকজনে হেলমেটেৰে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে ৷ তাৰ পৰাই কাজিয়াৰ সূত্ৰপাত হয় আৰু কীৰ্তিকমল বৰা গুলীবিদ্ধ হয় ।সেইদিনা এন্টি নাৰ্কোটিক চেলত থকা আন আটাইকেইজন আৰক্ষী বিষয়াৰ ভাষ্যও আছিল একেই ধৰণৰ । তেওঁলোকৰ মতে কীৰ্তিকমলে এছ আই প্ৰদীপ বণিয়াক হেলমেটেৰে প্ৰহাৰ কৰিছিল যাৰ বাবে তেওঁক গুলীয়াবলৈ বাধ্য হ’ল ।ইয়াৰ বিপৰীতে যিজন যুৱকে ৰাস্তাত সুৰাপান কৰি আছিল তেওঁৰ নাম আছিল জাকিৰ হুছেইন। জাকিৰ হুছেইনৰ ভাষ্যও কীৰ্তিকমলৰ ভাষ্যৰ লগত সম্পূৰ্ণ মিলি যায় ।তদন্ত আয়োগৰ ওচৰত হাজিৰ হৈছিল কীৰ্তিকমলে যিখন দোকানৰ পৰা ঔষধ কিনিছিল ,সেই ফাৰ্মাচীৰ স্বত্বাধিকাৰী । তদন্ত আয়োগক তেওঁ যি কথা কৈছিল , সেই একে কথাই ক’লে দ্য ক্ৰছকাৰেন্টৰ কেমেৰাতো কীৰ্তিকমলৰ স্বভাৱ চৰিত্ৰ সন্দৰ্ভত আয়োগে স্থানীয় ৰাইজ আৰু তেওঁৰ শিক্ষকৰো ভাষ্য সংগ্ৰহ কৰিছিল । ভাষ্য প্ৰদান কৰিছিল কীৰ্তিকমলক কলেজত পঢ়ুওৱা শিক্ষক নৱ কুমাৰ মহন্তই।ভুক্তভোগী কীৰ্তিকমল , চাক্ষুস সাক্ষী আৰু আৰক্ষীৰ দলৰ ভাষ্য শুনাৰ পাছত তদন্ত আয়োগ সিদ্ধান্তত উপনীত হৈছিল যে আৰক্ষীৰ দলটোৰ ভাষ্য বিশ্বাসযোগ্য নহয় ।ইয়াৰ বিপৰীতে কীৰ্তিকমল বৰা আৰু জাকিৰ হুছেইনৰ ভাষ্য মিলি যায় ।তদন্ত আয়োগৰ স্পষ্ট মত- গুলীচালনাৰ সময়ত আৰক্ষীৰে হোৱা মতভেদৰ কাৰণ হিচাপে যি কথা কোৱা হৈছে , সেই সন্দৰ্ভত আৰক্ষীৰ ভাষ্য আৰু কীৰ্তিকমল বৰা , জাকিৰ হুছেইনৰ ভাষ্য পৰস্পৰ বিৰোধী ।কীৰ্তিকমল বৰা আৰু জাকিৰ হুছেইনৰ ভাষ্য অনুসৰি , ছয় – সাতজন লোকে মুখামুখিকৈ কীৰ্তিকমল বৰাক আক্ৰমণ কৰিছিল আৰু অতি নিকট দূৰত্বৰ পৰা কীৰ্তিকমলক লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল । যদি এইটোৱে ঘটনা হয় , তেনেহ’লে এয়া আৰক্ষীৰ মইমতালি আৰু ক্ষমতাৰ অপপ্ৰয়োগ । ইফালে আৰক্ষীৰ লোকৰ এটাই ভাষ্য আছিল যে এছ আই প্ৰদীপ বণিয়াই অকলে কীৰ্তিকমল বৰাক নিয়ন্ত্ৰণ কৰিব বিচাৰিছিল কিন্তু কীৰ্তিকমলে জবৰদস্তি কৰিছিল । সেই সময়ত কনিষ্টবল ভাস্কৰ পাটৰে আন এজন ব্যক্তিৰ পিছা লৈছিল । তেতিয়ালৈকে ৰঞ্জুলা দেৱীৰ বাহিৰে আৰক্ষীৰ দলটোৰ আন লোককেইজন ঘটনাস্থলীত উপস্থিত হোৱা নাছিল । ৰঞ্জুলা দেৱীয়ে জাকিৰ হুছেইনক কৰায়ত্ত কৰি ৰাখিছিল আৰু তেওঁ কোনো সহায় কৰিব পৰা নাছিল । যদি এয়াও সঁচা বুলি ধৰি লোৱা হয় , তেনেহ’লে এইটো হ’ব আৰক্ষীৰ এটা পুতৌজনক অভিযান । তেওঁলোকৰ মাজত পোছাকত থকা এজনো আৰক্ষী নাছিল , নাছিল অভিযানকাৰী দলটোৰ মাজত সমন্বয় । জটিল সময়ত কি কৰিব , তাক লৈও কোনো সঠিক ধাৰণা নাছিল । জ্যেষ্ঠ বিষয়াইও অভিযানটো ভালদৰে নিৰীক্ষণ কৰা নাছিল । পূৰ্বৰ অভিযানসমূহৰ পৰা তেওঁলোকে কোনো শিক্ষা লোৱা নাছিল । আৰক্ষীৰ দলটোৰ অনুশাসনহীনতাৰ বাবেই সাধাৰণ জনতাৰ লগত অপ্ৰয়োজনীয় আৰু পৰিহাৰ কৰিব পৰা সংঘাতৰ সৃষ্টি হৈছিল । গুৰুত্বপূৰ্ণ কথাটো হ’ল , যিজন টাউন এছ আইক বেক আপ হিচাপে ৰখা বুলি কোৱা হৈছিল , তেৱোঁ প্ৰয়োজনীয় সময়ত ঘটনাস্থলীত উপস্থিত নাছিল ।তদন্ত আয়োগৰ প্ৰতিবেদনত আৰু লিখা হৈছে এন্টি নাৰ্কোটিক স্কোৱাড পৰিস্থতি নিৰীক্ষণৰ বাবেহে সেই স্থানলৈ গৈছিল । কোনো নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাবলৈ যোৱা নাছিল । কীৰ্তিকমল বৰা ঘটনাক্ৰমেহে সেই স্থানত উপস্থিত হৈছিল । কীৰ্তিকমল সন্দৰ্ভত আৰক্ষীৰ ওচৰত কোনো আগতীয়া তথ্য বা অভিযোগ নাছিল । এনে পৰিস্থিতিত কীৰ্তিকমল বৰাৰ পকেটত ড্ৰাগছ পোৱাটো এক অপ্ৰত্যাশিত ঘটনা । আনকি কীৰ্তিকমল বৰাই আৰক্ষীৰ পৰা পলায়ন কৰাৰ চেষ্টা নকৰি আৰক্ষীৰ কাষ চাপি অহা ঘটনাই , তেওঁৰ নিৰ্দোষিতাক প্ৰমাণ কৰে । কোনো পৰিস্থতিতেই তেওঁক এজন ড্ৰাগছ সৰবৰাহকাৰী হিচাপে ক’ব নোৱাৰি । তেওঁৰ লগত কোনোধৰণৰ অস্ত্ৰ নাছিল । আছিল কেৱল এটা হেলমেট । এনে পৰিস্থতিত প্ৰদীপ বণিয়াৰ লগত তেওঁ জোৰ জবৰদস্তি কৰাৰ কথাটো মুঠেও বিশ্বাসযোগ্য নহয় । যদি সেয়াও সঁচা বুলি ধৰা হয় , তেনেহ’লে নগাঁৱৰ আৰক্ষী অধীক্ষকে এন্টি নাৰ্কোটিক স্কোৱাডৰ মূৰব্বী হিচাপে নিৰ্বাচন কৰা প্ৰদীপ বণিয়াৰ শাৰীৰিক সক্ষমতাৰ ওপৰতেই প্ৰশ্ন উঠিব ।পৱন কুমাৰ বৰঠাকুৰৰ প্ৰতিবেদনে উন্মুক্ত কৰি দিছে যে কীৰ্তিকমল বৰাৰ এনকাউন্টাৰ আছিল ভুৱা কীৰ্তিকমলক গুলীয়াই ড্ৰাগছৰ কাহিনী সাজিছিল আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত ড° হিমন্ত বিশ্ব শৰ্মাই অ’ চিসকলৰ সন্মিলনত ঘোষণা কৰিছিল যে ভৰিত গুলীওৱাটো আইন সংগত ৷ সঠিক পেটাৰ্ণ ৷ এই পেটাৰ্ণেই চিৰকাললৈ ঘূণীয়া কৰিলে এজন সম্ভাৱনাপূৰ্ণ যুৱকক ।মুখ্যমন্ত্ৰীয়ে মোহৰ মৰা পেটাৰ্ণে গুলীবিদ্ধ কৰা যুৱক কীৰ্তিকমল কেনে আছে , ন্যায় পালেনে কীৰ্তিকমলে ?এয়া আছিল মাত্ৰ এটা এনকাউন্টাৰৰ তদন্তৰ প্ৰতিবেদন । যি প্ৰতিবেদনত জলজল পটপট হৈ পৰিছে যে অসম আৰক্ষীয়ে মইমতালিৰে যিকোনো ব্যক্তিক গুলীয়াই দিব পাৰে । তাৰ পাছত তেওঁৰ ওপৰত জাপি দিয়ে ড্ৰাগছ ব্যৱসায় নাইবা আৰক্ষীৰ ওপৰত আক্ৰমণৰ অভিযোগ । এটা এনকাউন্টাৰৰ তদন্তই এই ভয়াৱহ ঘটনা উন্মোচন কৰাৰ পাছত আপুনি নিজেই ভাবি চাওক ৰাজ্যত প্ৰায় প্ৰতিদিনে সংঘটিত হৈ থকা এনকাউন্টাৰৰ আঁৰৰ কাহিনী কি হ’ব পাৰে ?

Leave A Reply

Your email address will not be published.