দুৰ্নীতিমুক্ত অসমত জংঘল কাটিও ধন ঘটিলে বিষয়াই

Share This Article

হাইলাকান্দিত পুখুৰী খনন-জংঘল কটাৰ নামত কেলেংকাৰী সংঘটিত হৈছে । জিলাখনৰ লালা উন্নয়ন খণ্ডত সংঘটিত এই কেলেংকাৰী।কাম নকৰাকৈয়ে ৪৫ লাখ টকা লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে উক্ত উন্নয়ন খণ্ডটোত।অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে ।লালা উন্নয়ন খণ্ডৰ বিষয়া মনোজ দত্ত,অভিযন্তা প্ৰীতম দৰ আৰু প্ৰসেনজিৎ দেৱৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।হাইলাকান্দিত পুখুৰী খনন আৰু জংঘল কটাৰ নামত ৪৫ লক্ষ টকাৰ বৃহৎ কেলেংকাৰী সংঘটিত হৈছে ৷ হাইলাকান্দি জিল‍াৰ লালা উন্নয়ন খণ্ডত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ নেতৃত্বত আছে লালা উন্নয়ন খণ্ডৰ খণ্ড বিষয়া মনোজ দত্ত , অভিযন্তা প্ৰীতম দৰ আৰু প্ৰসনজিৎ দেব।কিন্তু এই দুৰ্নীতি এইবাৰ কোনো গাঁৱত নহয়, লালা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সংঘটিত হৈছে এই বৃহৎ কেলেংকাৰী।যোৱা ২০২১-২২ বৰ্ষত MGNREGA ৰ অধীনত লালা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদৰ বিতৰত ৫ টা পুখুৰী খনন আৰু জংঘল কটাৰ লগতে পানীৰ টেংকিৰ বাবে প্ৰায় ৪৫ লক্ষ টকা চৰকাৰে আৱণ্টন দিছিল। কিন্তু চৰকাৰে আবণ্টন দিয়া এটা টকাৰো কাম হোৱা নাই এইটো ব্লকত ।সকলো টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ব্লকৰ খণ্ড উন্নয়ন বিষয়া মনোজ দত্ত আৰু অভিযন্তা প্ৰীতম ধৰ আৰু প্ৰেসনজিৎ দেবৰ বিৰুদ্ধে।এই অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ সভাপতি জহিৰ উদ্দিন লস্কৰে। অহা ১৫ দিনৰ ভিতৰত এই বৃহৎ দুৰ্নীতিৰ উচিত তদন্ত কৰি এইসকল বিষয়াক শাস্তি দিয়াৰ দাবী জনাইছে সংগঠনটোৱে৷ অন্যথা ১৫ দিনৰ পিছত প্ৰায় ১০ হাজাৰ ৰাইজ লগত লৈ লালা উন্নয়ন খণ্ড ঘেৰাও কৰিব বুলি সকীয়াই দিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.