ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠদান

Share This Article

বিগত দুটা বছৰে ক’ভিডৰ কালৰূপে বিধ্বস্ত কৰি পেলালে সাধাৰণ জনজীৱন। লকডাউন তথা ক’ভিড সংক্ৰমণৰ বাবে এই দুটা বছৰে বন্ধ হৈ আছিল ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ পাঠদান প্ৰক্ৰিয়া। মাজতে মহাবিদ্যালয় তথা হাইস্কুল পৰ্যায়ৰ পাঠদান আৰম্ভ হৈছিল যদিও তাকো স্থগিত ৰাখিবলৈ বাধ্য হৈছিল ৰাজ্য চৰকাৰ। ইফালে বিগত প্ৰায় ২০ মাহে বিদ্যালয়ৰ লগত কোনো সম্পৰ্ক নাই শিশু তথা ১২ অনুৰ্ধৰ ছাত্ৰ-ছাত্ৰী সকলৰ। গতিকে ক’ভিড পৰিস্থিতিৰ ফলস্বৰূপে বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে দেশৰ শিক্ষাৰ্থী সমাজ। কিন্তু অৱশেষত ৰাজ্যত আজিৰে পৰা আৰম্ভ হ’ল বিদ্যালয়-মহাবিদ্যালয় পৰ্যায়ৰ পাঠদান প্ৰক্ৰিয়া। নিৰ্দিষ্ট নীতি নিয়মৰ ভিত্তিত চৰকাৰৰ SOP অনুসৰি পাঠদান আৰম্ভ কৰিলে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহে। আনফালে শিক্ষানুষ্ঠান সমূহৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হোৱাক লৈ এতিয়া উৎসাহী হৈ পৰিছে শিক্ষাৰ্থী আৰু অভিভাৱক সকল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.