Investigative reporting with dedication.

মৃত্যু মহিলাৰ কিন্তু পঠিয়ালে পুৰুষৰ মৃতদেহ।উন্নত চিকিৎসাৰ দাবী কৰা চিকিৎসালয়ৰ প্ৰকৃত স্বৰূপ ওলাল।মহিলাৰ মৃতদেহৰ পৰিবৰ্তে পঠিয়ালে পুৰুষৰ মৃতদেহ।জ্যোতিকা বসুমতাৰী নামৰ মহিলাগৰাকীৰ মৃতদেহৰ পৰিবৰ্তে পঠিয়ালে এজন পুৰুষৰ মৃতদেহ।ওদালগুৰিৰ জ্যোতিকা বসুমতাৰী হৃদৰোগত আক্ৰান্ত হৈ উত্তৰ গুৱাহাটীৰ জিএনআৰচি হস্পিতালত চিকিৎসাধীন হৈ আছিল ।গুৰুতৰভাৱে অসুস্থ মহিলাগৰাকীয়ে শনিবাৰে নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লৈছিল৷কিন্তু মহিলাগৰাকীৰ মৃতদেহ সলনি পঠিওৱা হয় আশুতোষ চৰকাৰ নামৰ এজন ব্যক্তিৰ মৃতদেহ।




