খোল-তালৰ ছেৱত মুখৰ হ’ব ঐতিহাসিক শিৱসাগৰ

Share This Article

ঐক্য সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হৈ পৰিল শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ভিত্তিত অনুষ্ঠিত হবলগীয়া ভাওনা সমাৰোহৰ স্থলী। আজি শুকুৰবাৰৰ দিনা সম্প্ৰীতিৰ এক অনন্য ছবি দেখিবলৈ পোৱা গ’ল এই ভাওনা সমাৰোহৰ মণ্ডপত৷ইছলাম ধৰ্মালম্বী লোকে সমূহীয়া দোৱা কৰে ভাওনা সমাৰোহৰ মণ্ডপত৷যুগ যুগ ধৰি সুদৃঢ় হৈ থকা এনে সম্প্ৰীতি আৰু একতাৰ বাবেই শংকৰ-আজানৰ দেশ বুলি কোৱা হয়।হয়, অহা ২০ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈকে শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰৰ পৰাগ চলিহা খেলপথাৰত অনুষ্ঠিত হব সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰু ৰাস মহোৎসৱ৷ আজি শুকুৰবাৰৰ জুম্মা নামাজৰ পিছতেই ঐক্য সম্প্ৰীতিৰ এক অনন্য ছবি দেখিবলৈ পোৱা গ’ল এই স্থানত৷মহাপুৰুষ শ্ৰীমম্ত শংকৰদেৱে দেখুওৱাই যোৱা আদৰ্শক সৰোগত কৰি ভাওনা প্ৰতিযোগিতা আৰু ৰাস মহোৎসৱৰ মঞ্চ মণ্ডপত উপস্থিত হয়গৈ কাষতে থকা মছজিদত শুকুৰবৰীয়া নামাজ আদায় কৰি বহু সংখ্যক ইছলাম ধৰ্মালম্বী লোক।মণ্ডপ স্থলীত উপস্থিত হৈ ইছলাম ধৰ্মালম্বী লোক সকলে ভাওনা আৰু ৰাস মহোৎসৱ যাতে সুকলমে অনুষ্ঠিত হয়, তাৰ বাবে আল্লাৰ ওচৰত সমুহীয়া দোৱা কৰে আৰু উদ্যোক্তা সকলক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।ইপিনে ইছলাম ধৰ্মালম্বী লোক সকলৰ এনে সহযোগিতাই ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীডাল অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তা সকলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.