খাৱ’ পিয়’ মস্তি কৰ’ !

Share This Article

নগাঁৱত জলসিঞ্চন বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তাই সংঘটিত কৰিছে এক আজৱ কাণ্ড।নগাঁও-বঢ়মপুৰ সংমণ্ডলৰ অধীনৰ কাৰ্যবাহী অভিযন্তা জনে সুৰাৰ ৰাগীত একেৰাহে ৩ দিন ধৰি থাকিল কুম্ভকৰ্ণ নিদ্ৰাত।কাৰ্যবাহী অভিযন্তা দিলীপ কুমাৰ বৰুৱাৰ বিৰুদ্ধে এই অভিযোগ ।খেতিয়কে পথাৰত পানী নাপালেও তেওঁৰ গিলাচত নকমে পানী।আধুনিক কুম্ভকৰ্ণ তেওঁ ।শুইছে শুইছে মানে শুয়েই আছে । তিনিদিন হ’ল শোৱাপাটি এৰিবই পৰা নাই ।কুম্ভকৰ্ণৰ অভিলেখ ভংগ কৰাৰ চেষ্টাত ব্ৰতী এওঁ ।হয়, এনেদৰেই এতিয়া তিনিদিন ধৰি শুয়েই আছে জলসিঞ্চন বিভাগৰ নগাঁৱৰ এইগৰাকী কাৰ্যবাহী অভিযন্তা । নাম এওঁৰ দিলীপ কুমাৰ বৰুৱা । বগাহাতীত পৰিণত হোৱা বিভাগটোৰ নগাঁও-বঢ়মপুৰ সংমণ্ডলৰ এখেত কাৰ্যবাহী অভিযন্তা । ঠিকাদাৰে যঁচা ৰঙীন সুৰাৰ বটলৰ পৰা সুমথিৰাৰ ৰস গিলি গিলি উঠিবই নোৱাৰা হ’ল এখেত ।এদিন নহয় দুদিন নহয় যোৱা তিনিদিন ধৰি শুয়েই আছে তেওঁ ।যোৱা নাই কাৰ্যালয়লৈকো । খোৱা নাই আহাৰো।মাথো গিলি গৈছে ঠিকাদাৰৰ ৰঙীন ফ্ৰী পানী ।ইয়াৰ আগতেও এবাৰ এনেদৰেই শুইছিল হেনো ছাৰ। সেইবেলিও উঠা নাছিল তিনি-চাৰিদিনলৈ । অভ্যাসটো পাহৰি যোৱাৰ ভয়তে ছাৰে আকৌ আৰম্ভ কৰি দিলে কছৰৎ ।সংবাদ মাধ্যমৰ কেমেৰা দেখি ছাৰ ক’লে গাটোহে হেনো বেয়া । সেইবাবেই তেওঁ শুইছে ইয়াৰোপৰি ছাৰৰ আছে অনেক অভিযোগ । ছাৰৰ চৰকাৰী আৱাসত সুৰাৰ আড্ডাৰ উপৰিও হেনো মাজে মাজে অনুষ্ঠিত হৈ থাকে সুন্দৰী ৰমণীৰ সৈতে ৰমণ বিলাস । পথাৰত কৃষকে পানী নাপাই খেতি কৰিবলৈয়ে এৰিছে কিন্তু ছাৰৰ গিলাচত সদায়েই থাকে পানী মাজে মাজে ছাৰৰ কাষত থাকে অচিন সুন্দৰী ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.