সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

খাৱ’ পিয়’ মস্তি কৰ’ !

নগাঁৱত জলসিঞ্চন বিভাগৰ এগৰাকী কাৰ্যবাহী অভিযন্তাই সংঘটিত কৰিছে এক আজৱ কাণ্ড।নগাঁও-বঢ়মপুৰ সংমণ্ডলৰ অধীনৰ কাৰ্যবাহী অভিযন্তা জনে সুৰাৰ ৰাগীত একেৰাহে ৩ দিন ধৰি থাকিল কুম্ভকৰ্ণ নিদ্ৰাত।কাৰ্যবাহী অভিযন্তা দিলীপ কুমাৰ বৰুৱাৰ বিৰুদ্ধে এই অভিযোগ ।খেতিয়কে পথাৰত পানী নাপালেও তেওঁৰ গিলাচত নকমে পানী।আধুনিক কুম্ভকৰ্ণ তেওঁ ।শুইছে শুইছে মানে শুয়েই আছে । তিনিদিন হ’ল শোৱাপাটি এৰিবই পৰা নাই ।কুম্ভকৰ্ণৰ অভিলেখ ভংগ কৰাৰ চেষ্টাত ব্ৰতী এওঁ ।হয়, এনেদৰেই এতিয়া তিনিদিন ধৰি শুয়েই আছে জলসিঞ্চন বিভাগৰ নগাঁৱৰ এইগৰাকী কাৰ্যবাহী অভিযন্তা । নাম এওঁৰ দিলীপ কুমাৰ বৰুৱা । বগাহাতীত পৰিণত হোৱা বিভাগটোৰ নগাঁও-বঢ়মপুৰ সংমণ্ডলৰ এখেত কাৰ্যবাহী অভিযন্তা । ঠিকাদাৰে যঁচা ৰঙীন সুৰাৰ বটলৰ পৰা সুমথিৰাৰ ৰস গিলি গিলি উঠিবই নোৱাৰা হ’ল এখেত ।এদিন নহয় দুদিন নহয় যোৱা তিনিদিন ধৰি শুয়েই আছে তেওঁ ।যোৱা নাই কাৰ্যালয়লৈকো । খোৱা নাই আহাৰো।মাথো গিলি গৈছে ঠিকাদাৰৰ ৰঙীন ফ্ৰী পানী ।ইয়াৰ আগতেও এবাৰ এনেদৰেই শুইছিল হেনো ছাৰ। সেইবেলিও উঠা নাছিল তিনি-চাৰিদিনলৈ । অভ্যাসটো পাহৰি যোৱাৰ ভয়তে ছাৰে আকৌ আৰম্ভ কৰি দিলে কছৰৎ ।সংবাদ মাধ্যমৰ কেমেৰা দেখি ছাৰ ক’লে গাটোহে হেনো বেয়া । সেইবাবেই তেওঁ শুইছে ইয়াৰোপৰি ছাৰৰ আছে অনেক অভিযোগ । ছাৰৰ চৰকাৰী আৱাসত সুৰাৰ আড্ডাৰ উপৰিও হেনো মাজে মাজে অনুষ্ঠিত হৈ থাকে সুন্দৰী ৰমণীৰ সৈতে ৰমণ বিলাস । পথাৰত কৃষকে পানী নাপাই খেতি কৰিবলৈয়ে এৰিছে কিন্তু ছাৰৰ গিলাচত সদায়েই থাকে পানী মাজে মাজে ছাৰৰ কাষত থাকে অচিন সুন্দৰী ।

Leave A Reply

Your email address will not be published.