উদুলিমুদুলি মিছন স্কুলৰ বাকৰি

Share This Article

নগাঁৱৰ ঐতিহ্যমণ্ডিত মিছন স্কুলৰ ১৭৫ বছৰীয়া জয়ন্তীৰ আজি শুভাৰম্ভ হয়।এই উপলক্ষে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হ’ল সমগ্ৰ নগাঁও চহৰ।পুনৰ বাৰ উজ্জীৱিত হ’ল ১৮৪৬ চনতেই স্থাপিত শিক্ষানুষ্ঠানখনৰ বৰ্ণময় ইতিহাস।১৭৫ বছৰীয়া জয়ন্তী উপলক্ষে আয়োজিত শোভাযাত্ৰা উদ্ধোধন কৰিলে অভিনেত্ৰী মলয়া গোস্বামীয়ে। বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাটোত অসমৰ লগতে ভাৰতৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় কলা-সংস্কৃতিয়ে প্ৰাণ পাই উঠিলে নগাঁও চহৰৰ ৰাজপথত । ভাষাৰ কাণ্ডাৰী তথা আমেৰিকান ব্যাপ্তিষ্ট মিচনেৰী মাইলছ ব্ৰনচনে ১৮৪৬ চনতে নগাঁও চহৰৰ মাজমজিয়াত প্ৰতিষ্ঠা কৰা নগাঁও মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জল ১৭৫ বছৰীয়া জয়ন্তীৰ উপলক্ষে শিক্ষানুষ্ঠানখনৰ পৰা শুকুৰবাৰে উলিওৱা হয় এই সৰ্ববৃহৎ সাংস্কৃতিক শোভাযাত্ৰা ।উল্লেখযোগ্য যে প্ৰথমাৱস্থাত অনাথ শিশুৰ শিক্ষানুষ্ঠান ৰূপে আত্মপ্ৰকাশ কৰা বিদ্যালয়খনে পৰৱৰ্তী সময়ত অসমৰ প্ৰথমখন নাৰী শিক্ষাৰ প্ৰতিষ্ঠান ৰূপে সেৱা আগবঢ়াইছিল৷ কালক্ৰমত ঐতিহ্যমণ্ডিত বিদ্যালয়খন সহশিক্ষা প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হয় আৰু বিদ্যালয়ৰ মহান ঐতিহ্যক আদৰ্শ হিচাপে লৈ অসমৰ শিক্ষা জগতত এক সুকীয়া স্থানেৰে আজিৰ পৰ্যায়ত উপনীত হৈছে । অসমৰ শৈক্ষিক জগতত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ১৭৫ বছৰীয়া জয়ন্তী বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হৈ আছে।১৭৫ খনকৈ পতাকা উত্তোলনৰে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ হোৱা ১৭৫ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচীৰ অংশৰূপে প্ৰদৰ্শনী ,স্মৃতিগ্ৰন্থ উন্মোচন , সতীৰ্থ সন্মিলন আৰু প্ৰাক্তন ছাত্ৰ- ছাত্ৰী তথা বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ – ছাত্ৰীৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.