কেতিয়া অনুষ্ঠিত হ’ব টেট ?

Share This Article

অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’ব টেট পৰীক্ষা ৷ চি টেটত উত্তীৰ্ণ প্ৰাৰ্থীয়েও এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷ তদুপৰি বি এড বা ডি এল এডৰ চূড়ান্ত পৰীক্ষাৰ প্ৰাৰ্থীয়েও টেট পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব ৷

মঙলবাৰে এক সংবাদমেলত এই ঘোষণা কৰে অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুয়ে ৷

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এইবাৰৰ পৰা পৰ্যাপ্ত আন্ত:গাথনি থকা ব্যক্তিগত বিদ্যালয়সমূহেও একাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিব পাৰিব ৷ একেদৰে উচ্চ মাধ্যমিক বিদ্যালয়সমূহো চৰ্ত সাপেক্ষে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ পদক্ষেপ ল’ব চৰকাৰে ৷

এইবাৰ অসমত শিক্ষাৰ্থীৰ বাবে আসনৰ নাটনি হোৱাৰ কথাও স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.