দ্বিতীয় বৈকুণ্ঠত পৰিণত বিশ্বনাথৰ বিহালীৰ পিতাম্বৰ পীঠ ধাম

বিশ্বনাথ জিলাৰ বিহালীৰ ৰাংছালী গাঁৱৰ ৰাধাকৃষ্ণ প্ৰণামী মন্দিৰ পীতাম্বৰ পীঠ ধামত বিশ্বশান্তিৰ বাবে সপ্তাহ যোৰা কাৰ্যসূচী। ১২৫ শ্ৰীমদ্ ভাগৱত পাঠ ও শ্ৰীমদ্ ভাগৱত কৃষ্ণ কথা,১২৫ শ্ৰী তাৰতম সাগৰ পাঠৰ লগতে বৰ্ণাঢ্য ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন।চলিত বৰ্ষত ১২৫ বছৰীয়া গৌৰৱোজ্জ্বল সন্ধিক্ষণত উপনীত হোৱা ৰাধাকৃষ্ণ প্ৰণামী মন্দিৰ পীতাম্বৰ পীঠ ধামও ৰাংছালী গাঁৱৰ অন্যতম এক পবিত্ৰ ধাৰ্মিক অনুষ্ঠান।আজিৰ পৰা ১২৫ বছৰ পূৰ্বে ইংৰাজী ১৮৯৭ চনত শ্ৰী ১০৮ পীতাম্বৰ দাসজী মহাৰাজৰ দ্বাৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বৰ্তমান বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাংছালী গাঁৱত প্ৰতিষ্ঠা কৰা ৰাধাকৃষ্ণ প্ৰণামী মন্দিৰ পীতাম্বৰ পীঠ ধামত বিশ্বশান্তি ও হিন্দু জাগৃতি উদ্দেশ্য আগত ৰাখি সপ্তাহ যোৰা কাৰ্যসূচী লৈ ১৭ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰ লৈ ১২৫ শ্ৰীমদ্ ভাগৱত পাঠ ও শ্ৰীমদ্ ভাগৱত কৃষ্ণ কথা,১২৫ শ্ৰী তাৰতম সাগৰ পাঠৰ লগতে বৰ্ণাঢ্য ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।ইতিমধ্যে নেপালকে ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে ৰাংছালী গাঁৱলৈ।আৰু আজিৰ পৰা সাত দিন সাত ৰাতি শ্ৰীকৃষ্ণ প্ৰণামী মন্দিৰ প্ৰাঙ্গন পৰিণত হ’ব দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296