সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিশ্বকাপ ফুটবলত আৰ্জেণ্টিনা জিকিলে বেয়া নাপায় লাভলীনাই !

 

●জিতেন গগৈ

- Donation -

“নাই নাই,ফ্ৰান্স বা আৰ্জেণ্টিনা কোনো দলেই মোৰ ফেভাৰিটৰ তালিকাত নাই । ব্ৰাজিলো নাছিল। কিন্তু ফুটবলত আৰ্জেণ্টিনাৰ কথা বহুদিনৰ পৰা শুনি আহিছো ! আমাৰ নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰত এনেদৰে ক’লে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে ।আচলতে, তেওঁৰ মতে এইবাৰৰ বিশ্ব কাপ ফল’ কৰিবলৈ সময়-সুবিধাই মিলাব পৰা নাই । লাভলীনা বৰ্তমান গুৱাহাটীতেই আছে ।ছাই কেন্দ্ৰত কৰি আছে অনুশীলন । ভূপালত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা । কাইলৈ ৰাওনা হ’ব লাগে । বক্সিঙতকৈ ফুটবল দীঘলীয়া খেল । তাতে সময়-মানৰো পাৰ্থক্য আছে । লাভলীনাৰ মতে নিশা টোপনি খতি কৰি খেল চোৱাৰো কথাই নাহে । কিন্তু শেহতীয়াকৈ এছিয়ান চেম্পিয়নৰ খিতাপ জিকা বক্সাৰগৰাকীয়ে স্বীকাৰ কৰে যে আগেয়েও তেওঁৰ দীঘলীয়াকৈ বহি একে লেঠাৰীয়ে খেল চোৱাৰ অভ্যাস নাই । বৰপথাৰৰ ছোৱালীজনী সৰুৰে পৰা মাৰ্চিয়েল আৰ্টছৰ প্ৰতি আকৰ্ষিত হৈছিল । ঘটনাক্ৰমে পিছলৈ ঢাল খায় বক্সিঙৰ ফালে । এই বক্সিঙতে এতিয়া অধিক সফলতা আহিছে, প্ৰতিষ্ঠিত হৈছে।অৱশ্যে বিশ্বকাপ ফুটবলৰ খবৰ একেবাৰে নৰখাও নহয়। ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ কি হ’ল ?” লাভলীনাই আকৌ মোকেই সোধে । মই বোলো, তেওঁলোকৰ দলত ভিতৰুৱা কিবা থকা যেন লাগে …. । আফ্ৰিকাৰ মৰক্কো ছেমি ফাইনেললৈ আগবঢ়াটোও কম কথা নহয় বুলি ভাবে অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে ।লাভলীনাৰ দেউতাকৰ সৈতেও কথা পাতিছিলো ।বতৰৰ কাম পূৰ্ণোদ্যমে চলি আছে ।কালি সন্ধিয়াও মাৰিছে মৰণা৷ আজিকালি সেই পৰ্বও ট্ৰেক্টৰেৰেই সমাধা কৰা হয় । লাভলীনা নিজে ৰোৱা-তোলা কৰা ছোৱালী ।সেয়েহে সুধিছিলো, ন-টো খাব লাগিছিল নহয় ! “ভাল মনত পেলাই দিলে কথাটো !” লাভলীনাই কয় ।”জানো, কেতিয়া খোৱা হয়গৈ । সেইবোৰ আজিকালি পাহৰাৰ দৰেহে !”

Leave A Reply

Your email address will not be published.