বিশ্বকাপ ফুটবলত আৰ্জেণ্টিনা জিকিলে বেয়া নাপায় লাভলীনাই !

Share This Article

 

●জিতেন গগৈ

“নাই নাই,ফ্ৰান্স বা আৰ্জেণ্টিনা কোনো দলেই মোৰ ফেভাৰিটৰ তালিকাত নাই । ব্ৰাজিলো নাছিল। কিন্তু ফুটবলত আৰ্জেণ্টিনাৰ কথা বহুদিনৰ পৰা শুনি আহিছো ! আমাৰ নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰত এনেদৰে ক’লে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইয়ে ।আচলতে, তেওঁৰ মতে এইবাৰৰ বিশ্ব কাপ ফল’ কৰিবলৈ সময়-সুবিধাই মিলাব পৰা নাই । লাভলীনা বৰ্তমান গুৱাহাটীতেই আছে ।ছাই কেন্দ্ৰত কৰি আছে অনুশীলন । ভূপালত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা । কাইলৈ ৰাওনা হ’ব লাগে । বক্সিঙতকৈ ফুটবল দীঘলীয়া খেল । তাতে সময়-মানৰো পাৰ্থক্য আছে । লাভলীনাৰ মতে নিশা টোপনি খতি কৰি খেল চোৱাৰো কথাই নাহে । কিন্তু শেহতীয়াকৈ এছিয়ান চেম্পিয়নৰ খিতাপ জিকা বক্সাৰগৰাকীয়ে স্বীকাৰ কৰে যে আগেয়েও তেওঁৰ দীঘলীয়াকৈ বহি একে লেঠাৰীয়ে খেল চোৱাৰ অভ্যাস নাই । বৰপথাৰৰ ছোৱালীজনী সৰুৰে পৰা মাৰ্চিয়েল আৰ্টছৰ প্ৰতি আকৰ্ষিত হৈছিল । ঘটনাক্ৰমে পিছলৈ ঢাল খায় বক্সিঙৰ ফালে । এই বক্সিঙতে এতিয়া অধিক সফলতা আহিছে, প্ৰতিষ্ঠিত হৈছে।অৱশ্যে বিশ্বকাপ ফুটবলৰ খবৰ একেবাৰে নৰখাও নহয়। ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ কি হ’ল ?” লাভলীনাই আকৌ মোকেই সোধে । মই বোলো, তেওঁলোকৰ দলত ভিতৰুৱা কিবা থকা যেন লাগে …. । আফ্ৰিকাৰ মৰক্কো ছেমি ফাইনেললৈ আগবঢ়াটোও কম কথা নহয় বুলি ভাবে অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে ।লাভলীনাৰ দেউতাকৰ সৈতেও কথা পাতিছিলো ।বতৰৰ কাম পূৰ্ণোদ্যমে চলি আছে ।কালি সন্ধিয়াও মাৰিছে মৰণা৷ আজিকালি সেই পৰ্বও ট্ৰেক্টৰেৰেই সমাধা কৰা হয় । লাভলীনা নিজে ৰোৱা-তোলা কৰা ছোৱালী ।সেয়েহে সুধিছিলো, ন-টো খাব লাগিছিল নহয় ! “ভাল মনত পেলাই দিলে কথাটো !” লাভলীনাই কয় ।”জানো, কেতিয়া খোৱা হয়গৈ । সেইবোৰ আজিকালি পাহৰাৰ দৰেহে !”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.