Investigative reporting with dedication.
কচুৱাত ওৱাজ মেহফিল আৰু দোৱা মেহফিল

বিশ্ব শান্তিৰ কামনাৰে শনিবাৰে নগাঁও জিলাৰ কচুৱা মধ্য জুৰিৰ পাৰ তাহফিজুল কোৰান হাফিজীয়া মাদ্ৰাছা প্ৰাংগনত আয়োজন কৰা হয় ওৱাজ মেহফিল আৰু দোৱা মেহফিল। এই উপলক্ষে মেহফিলত চাৰিজনকৈ ছাত্রক পবিত্র কোৰান শ্বৰীফ মুখস্থ কৰি হাজিজ হোৱা ছাত্রক ফুলাম গামোচা আৰু মালাৰে আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ মাজতে সাত মাহ অধ্যয়ন কৰি বাৰ বছৰীয়া শিশুৱে পবিত্ৰ কোৰান শ্বৰীফ মুখস্থ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্র সকলক লৈ এক সমদল উলিওৱা হয় ।





