কেনেদৰে উদযাপিত হ’ব লাচিত দিৱস ?

Share This Article

লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ বাবে থীম ছং মুকলি । জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে গানটো ।জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰিছে এই গীতটিত । থীম ছং মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ওপৰিও কেইবাগৰাকী কেবিনেট মন্ত্ৰী উপস্থিত থাকে।এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক লাচিত দিৱসৰ বিস্তৃত কাৰ্যসূচী সম্পৰ্কে অৱগত কৰে। ১৮ নৱেম্বৰত আৰক্ষী অৰ্দ্ধসামৰিক বাহিনীয়ে জিলাই জিলাই লাচিত বৰফুকনক অভিবাদন জনাব। ১৯ নবেম্বৰত লাচিত বৰফুকনক বিষয়বস্তু হিচাপে লৈ ৰচনা প্ৰতিযোগিতা জিলাই জিলাই অনুষ্ঠান হ’ব ।২০ নবেম্বৰত যোৰহাটত ৫০ বিঘা মাটি লাচিত মৈদামৰ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা হ’ব , তাৰ বাবে মুঠ ১২ কোটি টকা ক্ষতিপূৰণ দিয়া হৈছে মাটিৰ গৰাকীক৷উক্ত মৈদামত ১২০ ফুটৰ সুউচ্চ লাচিতৰ প্ৰতিমূৰ্তি থাকিব , মৈদাম নিৰ্মাণত ব্যয় হ’ব ১০৭ কোটি৷ সামাজিক কাৰ্যসূচী, নাটক, বাটৰ নাট ইত্যাদি অনুষ্ঠিত হ’ব ২০,২১ আৰু ২২ নবেম্বৰত।২৩ আৰু ২৪ নবেম্বৰত নতুন দিল্লীত লাচিত দিৱসৰ বাবে বিভিন্ন কাৰ্যসূচী থাকিব।২৩ নবেম্বৰত বিজ্ঞান ভৱনত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।বিষয় হ’ব আহোম যুগৰ সোণালী অধ্যায়৷ ৰাজ্যৰ ২ জন ইতিহাসবিদ আৰু দুজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইতিহাসবিদে এই অনুষ্ঠানত অংশ ল’ব।২৩ নবেম্বৰত প্ৰদৰ্শনী অনুষ্ঠিত হ’ব দেশৰ ৰাজধানী দিল্লীত । দিল্লীত প্ৰদৰ্শনৰ বাবে অসমৰ সংগ্ৰহালয়ৰ পৰা কিছু ঐতিহাসিক সামগ্ৰী লৈ যোৱা হ’ব ।২৪ নৱেম্বৰত লাচিত বৰফুকনৰ জীৱন ভিত্তিক তথ্যচিত্ৰ মুকলি কৰা হ’ব আৰু এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব ।২৫ নবেম্বৰৰ কাৰ্যসূচীত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.