ধৰ্মপ্ৰাণা মহিলা তিলেশ্বৰী শইকীয়াৰ মৃত্যু

Share This Article

গোলাঘাট জিলাৰ বোকাখাত ম’হকুমাৰ কমাৰগাঁৱৰ বৰদিহিঙীয়া গাঁৱৰ ধৰ্মপ্ৰাণা মহিলা তিলেশ্বৰী শইকীয়াৰ বুধবাৰে সন্ধিয়া ৬-২৯ বজাত নিজ গৃহত মৃত্যু হয়। বিগত এসপ্তাহে তেওঁ শাৰীৰিক অসুস্থতাত ভুগি আছিল। মৃত্যুৰ সময়ত তিলেশ্বৰী শইকীয়াৰ বয়স হৈছিল ৯২ বছৰ। গাঁওখনৰ সকলোৰে মাজত তেওঁ ‘আইতা’,’বৌ’ নামেৰে পৰিচিত আছিল। মৃত্যুৰ সময়ত ধৰ্মপ্ৰাণা মহিলা তিলেশ্বৰী শইকীয়াই চাৰিপুত্ৰ ক্ৰমে কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জীৱন শইকীয়া,পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া লক্ষেশ্বৰ শইকীয়া,চক্ৰেশ্বৰ শইকীয়া,নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা লেখক মহেন শইকীয়া আৰু কন্যা জ্যোতি শইকীয়াৰ লগতে বোৱাৰী,জোঁৱাইসহ দহোটি নাতি-নাতিনী এৰি থৈ গৈছে। সকলোকে আপোন কৰি ল’ব পৰা তিলেশ্বৰী শইকীয়াৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.