শীঘ্ৰেই অবড়ো সংগঠনৰে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিব ৰাজ্য চৰকাৰ আৰু BTR পৰিষদে

Share This Article

◆ বড়োসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বড়ো সংগঠনৰ সৈতে একাধিক চুক্তি সম্পাদন কৰাৰ পিছত এতিয়া BTRৰ অবড়ো সংগঠনৰে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু BTR পৰিষদ

◆ এই কথা প্ৰকাশ কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে

◆ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এই চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত সেউজ সংকেত দিয়াৰ বাতৰি আহিছে

◆ সেইমৰ্মে প্ৰস্তাৱিত চুক্তি সম্পাদন হোৱাৰ পিছতে BTRত অবড়োৰ ভূমিৰ বংশানুক্ৰমিক নামজাৰি সম্ভৱ হব বুলি আশা কৰা হৈছে

◆ চুক্তিৰ ফলস্বৰূপে BTRত অবড়ো লোকে পাব সম অধিকাৰ

◆ আজি চুক্তিক কেন্দ্ৰ কৰি জৰুৰী বৈঠকত মিলিত হল অবড়ো সুৰক্ষা সমিতি

◆ BTRৰ প্ৰথম ভাষা অসমীয়া হব লাগিব বুলি দাবী উত্থাপন কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে

◆ এই চুক্তিৰ পিছত ৫০%তকৈও অধিক অবড়ো জনসংখ্যাৰ গাঁও BTRৰ পৰা কৰ্তনৰ গতি তৰান্বিত হব

◆ ইয়াৰ উপৰিও নিজ অধিকাৰৰ দাবী কৰি জীৱন হেৰুওৱা অবড়ো লোকৰ নিকট আত্মীয়ই ক্ষতিপূৰণ লাভ কৰিব

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.