Investigative reporting with dedication.

বিশ্বকৰ্মা পূজাৰ দিনাই গুৱাহাটী মহানগৰীৰ নাৰেংগীত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ গল স্কুটিৰে আহি থকা এজন ব্যক্তিৰ। নিহত যুবকজন নাৰেংগীৰ কেন্দুগুৰিৰ প্ৰমোদ তিমুং বুলি জানিব পৰা গৈছে। পিতৃক কাৰ্যালয়ত থৈ নাৰেংগী অভিমুখে আহি থকা অৱস্থাতেই সংঘটিত হয় দুৰ্ঘটনাটো। বৰ্তমান মৰোণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো।




