বিধানসভা উপ-নিৰ্বাচনত থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব ধৈৰ্য কোঁৱৰঃ অখিল গগৈ

Share This Article

ৰাজ্যত সমাগত বিধানসভাৰ উপ-নিৰ্বাচন। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত দুজনকৈ কংগ্ৰেছী বিধায়ক আৰু এগৰাকী AIUDF দলৰ বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিলে। তদুপৰি দুগৰাকীকৈ বিধায়কৰ আকস্মিক মৃত্যু আৰু সৰ্বানন্দ সোনোৱালৰ দিল্লী গমনে ৰাজ্যৰ ৬টাকৈ সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাট মুকলি কৰিছিল। কিন্তু ৰাজ্যৰ আটাইতকৈ আকৰ্ষণীয় নিৰ্বাচনী যুঁজ খন হোৱাৰ সম্ভাৱনা আছে থাওৰা সমষ্টিত। কাৰণ থাওৰা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰা প্ৰাক্তন বিধায়ক তথা আগন্তুক উপ-নিৰ্বাচনত থাওৰা সমষ্টিতৰ বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ প্ৰতিদ্বন্দ্বী হব ৰাইজৰ দলৰ নেতা ধৈৰ্য কোঁৱৰ। আজি এখন সংবাদমেলত এই কথা ঘোষণা কৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। গগৈৰ এই আনুষ্ঠানিক ঘোষণাৰ পিছতে থাওৰাত কঁকালত টঙালি বান্ধি সাজু হৈছে ৰাইজৰ দল। তীব্ৰ গতিত চলিছে প্ৰচাৰ। অৱশ্যে এটা দল আৰু আদৰ্শক বিশ্বাসঘাটকতা কৰি দল সলোৱা সুশান্ত বৰগোহাঁই কিম্বা যুৱ-নেতা ধৈৰ্য কোঁৱৰক ৰাইজে কি ভাৱে গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.