গ্ৰন্থৰ সুবাস বিয়পিব গোলাঘাটৰ আকাশত

Share This Article

গোলাঘাটত অহা ১৮ নবেম্বৰৰ পৰা অনুষ্ঠিত হ’ব সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা।গোলাঘাটত প্ৰতি বৰ্ষৰ দৰে এইবাৰো অন্যতম স্বেচ্ছাসেৱী সংগঠন ভক্স পপুলীৰ উদ্যোগত, জিলা প্ৰশাসন আৰু অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাকে মুখ্য কৰি বিভিন্ন সামাজিক সংগঠনৰ উদ্যোগত আয়োজন কৰা হৈছে গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাৰ।  ইতিমধ্যে গ্ৰন্থমেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱা বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। গোলাঘাট সমন্বয় ক্ষেত্ৰৰ গ্ৰন্থমেলাৰ বাকৰিত আজি অনুষ্ঠিত কৰা এক সংবাদমেলত উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক দেৱজিৎ ফুকনে কয় যে অহা ১৮ নৱেম্বৰত জনপ্ৰিয় ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাই আনুষ্ঠানিকভাৱে সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা উদ্বোধন কৰিব৷ উদযাপন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই পৌৰাহিত্য কৰিবলগীয়া উদ্বোধনী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, মন্ত্ৰী অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকন, মৃণাল শইকীয়া, নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ প্ৰবন্ধক ড॰ কাজল শইকীয়া উপস্থিত থাকিব। গ্ৰন্থমেলাৰ দিনকেইটাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা, তাৰকা গৃহৰ সহযোগত জ্ঞান-বিজ্ঞান যাত্ৰা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হ’ব বুলি দেৱজিৎ ফুকনে প্ৰকাশ কৰে৷ সংবাদমেলত অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ বিষয়ববীয়া ৰক্তিম ঠাকুৰীয়াই সাংবাদিকক সম্বোধন কৰি কয় যে এইবাৰ পূৰ্বতকৈ গোলাঘাট গ্ৰন্থমেলাত অধিক বিপণীয়ে অংশগ্ৰহণ কৰিব আৰু আজিয়েই ৫০ খন বিপণীয়ে যোগদান কৰিছে৷ পূৰ্বতকৈ অধিক লোকৰ সমাগমত গোলাঘাট গ্ৰন্থমেলা এইবাৰ অধিক আকৰ্ষণীয় হৈ উঠিব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ আনহাতে, অসমৰ উপৰি দিল্লী আৰু কলকাতাৰ কেবাখনো বিপণী ইতিমধ্যে যোগদানৰ বাবে গোলাঘাট সমন্বয় ক্ষেত্ৰত উপস্থিত হোৱা বুলিও তেওঁ উল্লেখ কৰে। আজিৰ সংবাদমেলত গ্ৰন্থমেলা উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি পূৰ্ণ ৰাজখোৱা, যুটীয়া সম্পাদক পাৰ্থজ্যোতি বৰা, ঋতুপল্লৱ শইকীয়া, যদুমণি গগৈ, ভাস্কৰজ্যোতি দত্ত, অংশুমান বৰুৱা আদিও উপস্থিত থাকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.