Investigative reporting with dedication.

মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ নামত শ্ৰমিক সকলৰ মাজত চলিছে কি ?যোৰহাটৰ হাতীশালৰ দলং নিৰ্মাণ স্থলীত অসৎ কামত সহযোগ নকৰাৰ বাবে চাৰি শ্ৰমিক বন্ধুৱে প্ৰহাৰৰ অভিযোগ কৰিছে লগৰে শ্ৰমিকক ।শ্ৰমিকে দলং নিৰ্মাণৰ গুৰুত্ব পাহৰি অসৎ তথা অসামাজিক কাৰ্যত লিপ্ত হৈ পৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে একাংশ শ্ৰমিকে । ৮ নং আৰু ৯ নং খুঁটাৰ বিসংগতি ধৰা পৰাৰ পাছত পাঁচ মাহে বন্ধ হৈ থকা মাজুলী যোৰহাট সংযোগী দলঙৰ কাম ৭ অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হৈছিল।কিন্তু বৰ্তমান সময়ত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী গৰাকীৰ ভাষ্যতেই দলং নিৰ্মাণৰ লেহেমীয়া গতিৰ কথা প্ৰকাশ পোৱাত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমান সময়ত দলং নিৰ্মাণৰ কামত নিয়োজিত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা একাংশ শ্ৰমিকে দলং নিৰ্মাণৰ গুৰুত্ব পাহৰি অসৎ তথা অসামাজিক কাৰ্যত লিপ্ত হৈ পৰা ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে।বিভিন্ন নিচাৰ লগতে অসৎ কাৰ্যত সংগ নিদিয়াৰ বাবেই শ্ৰমিকক মাৰধৰ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ কৰিছে আন একাংশ শ্ৰমিকে। উল্লেখ্য যে,বিহাৰৰ সন্দীপ কুমাৰ নামৰ এজন শ্ৰমিকে যোৰহাটৰ নিমাতী হাতীশালৰ ফালে নিৰ্মাণ হৈ থকা দলঙখনৰ আনটো পাৰে কাম কৰি থকা অৱস্থাত তেওঁৰ সহকৰ্মী লক্ষ্মণ, নিৰাজ, বিক্ৰম, বীল্ডাৰ নামৰ চাৰিজন শ্ৰমিকে সন্দীপক প্ৰাণে মৰাৰ চেষ্টা কৰাৰ লগতে বেয়াকৈ মাৰপিট কৰাৰ অভিযোগ ভুক্তভোগী সন্দীপৰ ।গুৰুতৰভাবে আঘাতপ্ৰাপ্ত সন্দীপক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তাৰ পাছতে সন্দীপ পলাই আহি মাজুলীৰ ফালে থকা দলঙৰ নিৰ্মাণ স্থলীলৈ আহে ।সন্দীপে দলং নিৰ্মাণত চলি থকা বহু বিস্ফোৰক মন্তব্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আৰু পাবলৈ থকা মজুৰি বিচাৰি বৰ্তমান হাবাথুৰি খাব লগীয়া হোৱাৰ বিষয়টোও উল্লেখ কৰিছে।




