‘কোৱালিটি’ত গুৰত্ব নিদিয়াৰ ফল ভুগিব বিশ্বনাথবাসীয়ে

Share This Article

উদ্ধোধনৰ পূৰ্বেই চিৰাল ফাঁট নিৰ্মীয়মাণ চিকিৎসালয়ৰ দেৱালৰ।বিশ্বনাথত নিৰ্মাণ প্ৰায় সমাপ্ত হোৱা ২০০ খন বিচনা যুক্ত জিলা চিকিৎসালয়খনৰ নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰা কথা পোহৰলৈ আহিছে। উল্লেখ্য যে বৃহত্তৰ বিশ্বনাথবাসীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথবাসীক উপহাৰ দিছিল বিশ্বনাথৰ এই ২০০ খন বিচনাযুক্ত চিকিৎসালয়।ইমানলৈকে ঠিকেই আছিল।কিন্তু বিশ্বনাথবাসীৰ আশাত যেন চেঁচা পানী ঢালিলে নিৰ্মাণ কাৰ্য চলাই থকা ঠিকাদাৰে। বিশ্বনাথৰ ৰাইজে আশা কৰিছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বনাথ বাসীক উপহাৰ স্বৰূপে প্ৰদান কৰা এই ২০০ খন বিচনাযুক্ত চিকিৎসালয় বিশ্বনাথৰ বাবে এক গৌৰৱ হ’ব। কিন্তু নিৰ্মাণ প্ৰায় সমাপ্ত হোৱা এই চিকিৎসালয় খন ভৱিষ্যতে বিশ্বনাথৰ বাবে অভিশাপহে হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। কিয়নো যিকোনো মুহুৰ্ত্বতে চিকিৎসালয় খনৰ বেৰ খহি পৰিব পাৰে। চিকিৎসালয়খনৰ উদ্বোধনৰ পূৰ্বেই বেৰবোৰ চিৰালফাট দিছে। ফাঁট মেলিছে চাদৰ বীম আৰু বেৰৰ মাজত। প্ৰায় প্ৰতিখন বেৰেই ফাঁট মেলাৰ লগতে বেৰত লগোৱা টাইলছ সমূহো ফাটি গৈছে। ইফালে ঠিকাদাৰে এতিয়া এই ফাঁট সমূহ চিমেণ্ট পানী আৰু ৰঙৰ সহায়ত ঢাকিবলৈ চেষ্টা কৰিছে। ফলত ভৱিষ্যতে চিকিৎসালয়খনত থকা ৰোগীসকল বিপদত পৰাৰ সম্ভাৱনাই অধিক৷বৰ্তমান যিদৰে বেৰ সমূহত ফাঁট মেলিছে, তেনে ক্ষেত্ৰত ভূমিকম্পৰ সামান্য জোকাৰণিতে বেৰ সমূহ খহি পৰাৰ সম্ভাৱনা আছে। সম্প্ৰতি এনে নিম্নমানৰ কামৰ বাবে বিশ্বনাথত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঠিকাদাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল সংগঠন আৰু স্থানীয় ৰাইজ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.