ফ’ৰলেন নহয়,মৰণফান্দ নিৰ্মাণত ব্যস্ত ধাটৰৱাল

Share This Article

বিশ্বনাথৰ পৰা গহপুৰলৈ চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে।হাৰিয়ানাৰ ধাটৰৱাল কোম্পানী বিৰুদ্ধে এই অভিযোগ স্থানীয় জনতাৰ। পথৰ কাষৰ পৰা মাটি খান্দি নিৰ্মাণ কৰিছে চাইডবাম।হাৰিয়ানাৰ ধাটৰৱাল কোম্পানী নামৰ ফ”ৰলেন নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ কেতবোৰ কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিশ্বনাথ জিলাত।বিশ্বনাথৰ পৰা গহপুৰ পৰ্যন্ত নিৰ্মীয়মাণ চাৰিলেন যুক্ত পথটিৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা এই অনা অসমীয়া প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে। ধাটৰৱাল নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবদ প্ৰায় ৪০০ কোটি টকাৰ ঠিকা লাভ কৰিছে।প্ৰায় ৫৭ কিঃ মিঃ পথটো শেহতীয়াকৈ হাৰিয়ানাৰ ধাটৰৱাল কোম্পানীক অৰ্পণ কৰা হৈছে।১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণৰ দায়িত্ব লাভৰ পিছতে ধাটৰৱাল কোম্পানীয়ে পথৰ কাষত মৰণফান্দ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে।মুনাফা লাভৰ পথ প্ৰশস্ত কৰা নিৰ্মাণকাৰী সংস্থাটোৱে বিশ্বনাথৰ বিহপুখুৰী অঞ্চলত ছাইড বামৰ বাবে প্ৰয়োজন হোৱা মাটি একেবাৰে পথৰ কাষৰ পৰা খান্দিবলৈ আৰম্ভ কৰিছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ফকলেন যোগে ডাঙৰ গাঁত খান্দি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে বৃহৎ বৃহৎ পুখুৰী সৃষ্টি কৰিছে নিৰ্মাণকাৰী সংস্থাটোৱে।বৰ্তমান এই গাঁ‌ত সমূহ ঢাকিবলৈ নিৰ্মাণকাৰী সংস্থাটোৱে জাবৰৰ বস্তা আৰু পথৰ কাষৰ হাবি জংঘল ব্যৱহাৰ কৰি আহিছে।অভিযোগ উঠামতে স্থানীয় ৰাইজে এনে অন্যায় কাৰ্যৰ বিৰুদ্ধে অভিযোগ তুলিলে আৰক্ষীৰ ভয় দেখুৱাই প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তাই। স্থানীয় জনতাক মৰণ ফান্দৰ মাজত এৰি পথ নিৰ্মাণত দুৰ্নীতিৰ আশ্ৰয় লোৱা সংস্থাটোৰ এনে কাৰ্য শীঘ্ৰে বন্ধ কৰাৰো দাবী তুলিছে স্থানীয় জনতাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.