কেনেদৰে সুৰক্ষিত হ’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা?

Share This Article

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আগবঢ়োৱা হৈছে Z+ নিৰাপত্তা। কি এই Z+ নিৰাপত্তা ? কেনেদৰে সুৰক্ষিত হ’ব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা?

আমাৰ দেশত ব্যক্তি এজনৰ নিৰাপত্তাৰ দিশটো চোৱাচিতা কৰে আৰক্ষী তথা স্থানীয় চৰকাৰে ।এজন ব্যক্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত দেশৰ গৃহদপ্তৰৰ ফালৰ পৰা ৬ তৰপীয়া ব্যৱস্থা আছে । SPG,Z+,Z,Y+ আৰু Y আৰু X কেটেগেৰীৰ নিৰাপত্তা আগবঢ়োৱা হয় ব্যক্তি বিশেষে। SPG নিৰাপত্তা কেৱল দেশৰ প্ৰধানমন্ত্ৰীকহে আগবঢ়োৱা হয় । Z + শ্ৰেণীৰ নিৰাপত্তাত মুঠ ১৫০ গৰাকী ব্যক্তি নিয়োজিত হয় । এই ১৫০ জনৰ ভিতৰতেই থাকে ১০ জনতকৈ অধিক NSG কমাণ্ডো আৰু আৰক্ষীৰ লোক। Z শ্ৰেণীৰ নিৰাপত্তাত মুঠ ৫৫ জন নিৰাপত্তাৰ লগত জড়িত ব্যক্তি থাকে।তাৰ ভিতৰত ৪ৰ পৰা ৬ জন NSG কামাণ্ডো আৰু আৰক্ষীৰ লোক থাকে। Y+ শ্ৰেণীৰ নিৰাপত্তাত থাকে ৩৯ জন লোক, তাৰে ২ৰ পৰা ৪ জন কামাণ্ডো আৰু বাকীখিনি আৰক্ষীৰ লোক । Y শ্ৰেণীৰ নিৰাপত্তাত থাকে ২৮ জন লোক তাৰে ১ টা ২ জন কামাণ্ডো। X শ্ৰেণীৰ নিৰাপত্তাত থাকে ১২জন লোক কিন্তু এই শ্ৰেণীত কোনো কামাণ্ডো নাথাকে।

Z+নিৰাপত্তা আগবঢ়াই নেশ্যনেল ছিকিউৰিটি গাৰ্ডৰ কামাণ্ডোৱে । তেওঁলোকক হেকলাৰ এণ্ড কোচ MP 5 ছাবমেছিন গান আৰু যোগাযোগৰ বাবে অত্যাধুনিক সঁজুলি প্ৰদান কৰা হয়। ইয়াৰোপৰি প্ৰতিগৰাকী ব্যক্তিয়েই শৰীৰ কলাত দক্ষ হোৱাতো বাধ্যতামূলক ।বৰ্তমান দেশত মুঠ ৪০ গৰাকী ব্যক্তিয়ে এই z+ শ্ৰেণীৰ নিৰাপত্তাৰ সুবিধা লাভ কৰি আছে ।এই সংখ্যা সদায় একে নাথাকে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়োৱা হৈছে Z+ কেটেগৰীৰ নিৰাপত্তা । এতিয়াৰ পৰা মুখ্যমন্ত্ৰীগৰাকী ১০ জনতকৈও অধিক নেশ্যনেল ছিকিউৰিটি গাৰ্ডৰ কামাণ্ডোৰ আৱেষ্টনীত থাকিব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.