Investigative reporting with dedication.

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি অভিযান চলাইছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই। APDCLৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাত বিসংগতিৰ অভিযোগৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপস্থিত হয় মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী দল। এই অভিযোগৰ তদন্ত কৰিব CM ভিজিলেন্সৰ দলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ দায়িত্বত থকা বোৰ্ডৰ প্ৰতিগৰাকী সদস্যক সোধা-পোছা অব্যাহত ৰাখিছে দলটোৱে। বৰ্তমানো দলটোৱে প্ৰশাসনীয় ভৱনত অভিযান চলাই আছে।




