অনা কাৰ্বি লোকৰ বাবে কাৰ্বি পৰিষদত আসন সংৰক্ষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কাৰ্বি ছাত্ৰ সন্থাৰ

Share This Article

অনা কাৰ্বি লোকৰ বাবে কাৰ্বি পৰিষদত আসন সংৰক্ষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰ্বি ছাত্ৰ সন্থাই। কাৰ্বি আংলং জিলাৰ পশ্চিম কাৰ্বি আংলঙত গ্ৰহণ কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচী। কাৰ্বি ভূমিৰ ৬টাকৈ উগ্ৰপন্থী সংগঠন আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিৰ ২.৩ নং দফা বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰ্বি ছাত্ৰ সন্থাই। শান্তি চুক্তিৰ এই ২.৩ নং দফা অনুসৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ১০ খনকৈ আসন জেনেৰেল কোটাৰ লোকৰ বাবে অৰ্থাৎ অনা কাৰ্বি লোকৰ বাবে সংৰক্ষণ কৰা হব। এতিয়া শান্তি চুক্তিৰ এই দফাটো বাতিল কৰাৰ দাবী কৰাৰ দাবী জনাইছে কাৰ্বি ছাত্ৰ সন্থাই। অন্যথা জংগী আন্দোলনৰ হুংকাৰ দিছে ছাত্ৰ সংগঠনটোৱে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.