স্মাৰ্ট চিটী গুৱাহাটীৰ এই অৱস্থা কিয় ? শ শ কৌটিৰ হিচাপ দিব কোনে?

Share This Article

বৰছলা বিলৰ বাবে ২১৫ কৌটি , ভৰলুৰ বাবে ৪৪৪ কৌটি , মৰা ভৰলুৰ বাবে ৪৮৮ কৌটি , দীপৰ বিলৰ বাবে ২৫০ কৌটি – এয়া কোনো কাল্পনিক হিচাপ নিকাচ নহয় ৷ গুৱাহাটী মহানগৰৰীৰ স্মাৰ্ট চিটী প্ৰজেক্টৰ প্ৰকল্প প্ৰতিবেদনত এই প্ৰকল্পসমূহৰ বাবে নিৰ্দিষ্ট ধনৰাশি নিৰ্ধাৰণ কৰা হৈছিল ৷ এই ধনৰাশিৰে গুৱাহাটী মহানগৰীৰ জলাশয়সমূহক পুণৰুজ্জীৱিত কৰাই নহয় , তাক আটক ধুনীয়াকৈ সজাই তোলাৰ পৰিকল্পনাও কৰা হৈছিল ৷

স্মাৰ্ট চিটীত ভৰলুৰ পাৰৰ দৃশ্য এনে হোৱাৰ কথা আছিল

২০১৬ চনত গুৱাহাটীত প্ৰথম আৰম্ভ হৈছিল স্মাৰ্ট চিটী প্ৰজেক্টৰ কাম ৷ প্ৰথমাৱস্থাত কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন কৰা দেশৰ ২০ খন চহৰৰ ভিতৰত অন্যতম আছিল গুৱাহাটী ৷ এই স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত লোৱা হৈছিল কেবাটাও অভিনৱ প্ৰকল্প ৷ স্মাৰ্ট চিটী প্ৰকল্পক বাস্তৱ ৰূপ দিবলৈ গঠন কৰা হৈছিল গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড ৷ গুৱাহাটীক স্মাৰ্ট চিটীৰ ৰূপ দিবলৈ বাজেট নিৰ্ধাৰণ কৰা হৈছিল ২,২৯৬ কৌটি টকা ৷  ইয়াৰে ১,৬৯৬ কৌটি টকাই গুৱাহাটীৰ অঞ্চলভিত্তিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰাৰ কথা আছিল ৷ প্ৰথমতে উল্লেখ কৰা প্ৰকল্পসমূহ আছিল এই পৰিকল্পনাৰ একো একোটা বিশেষ অধ্যায় ৷

স্মাৰ্ট চিটী প্ৰাইভেট লিমিটেড গঠন হ’ল ৷ কেন্দ্ৰই প্ৰথমাৱস্থাত মোকলাই দিলে ১৯৬ কৌটি টকা ৷কিন্তু গুৱাহাটীক স্মাৰ্ট চিটীৰ ৰূপ দিবলৈ অগ্ৰাধিকাৰ ভিত্তিত কি কি কাম হাতত লোৱা হ’ল আপুনি জানিলে আচৰিত হ’ব ৷ প্ৰথম অৱস্থাত স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত আৰম্ভ কৰা চাৰিটা প্ৰকল্প হ’ল –
১) গান্ধী মণ্ডপত ৰাষ্ট্ৰীয় পতাকা স্থাপন ৷ ব্যয় ২.৯৩ কৌটি টকা ৷
২) গান্ধী মন্দপত পাৰ্ক স্থাপন৷ ব্যয় ২.৯৩ কৌটি টকা ৷
৩) মহানগৰীত ২০ টা ৱাটাৰ এ টি এম স্থাপন ৷ ব্যয় ২.০৯ কৌটি টকা ৷
৪) ২১ টা বায়’ টয়লেট নিৰ্মান ৷ ব্যয় ৯.৫৩ কৌটি টকা ৷
ইয়াৰ বাহিৰেও পথত এল ই ডি লাইট স্থাপন , ব্ৰক্ষ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য বৰ্ধন , উমানন্দ মন্দিৰ , অশ্বক্লান্ত দেৱালয়ৰ উন্নয়নৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছিল যদিও সেই কাম আজিও আধৰুৱা হৈ আছে ৷

গুৱাহাটীত স্থাপন কৰা ৱাটাৰ এ টি এম এতিয়াও কাৰ্যকৰী হৈ আছেনে ?

তাৰ মাজতে ২০২১ চনৰ নৱেম্বৰ মাহত গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ সঞ্চালক ঘনশ্যাম দাসে ঘোষণা কৰা যে ৮৮৭ কৌটি ব্যয়েৰে ১৭ টা প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ’ব ৷তেওঁৰ মতে ৩০৮ কৌটি ব্যয়েৰে নদীৰ পাৰৰ সৌন্দৰ্য বৰ্ধন কৰা হ’ব ৷ ২৩৬ কৌটি টকাৰে ২০০ খন ইলেক্ট্ৰিক বাছ চলোৱা হ’ব ৷ ১২৭ কৌটি টকাৰে ট্ৰাফিক মেনেজমেন্ট চিষ্টেম স্থাপন কৰা হ’ব ৷ আৰু ৩০ কৌটি টকাৰে চুপাৰ চাকাৰ বাহন ক্ৰয় কৰা হ’ব ৷এই পৰিকল্পনাসমূহৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে সৌন্দৰ্য বৰ্ধন , পাৰ্ক স্থাপনৰ দৰে বিষয়সমূহত চৰকাৰে যিমান গুৰুত্ব দিছে , মহানগৰীত জটিল হৈ পৰা সমস্যাসমূহ সমাধানৰ বাবে সিমান তৎপৰতা দেখুওৱা নাই চৰকাৰখনে ৷ চুপাৰ চাকাৰ বাহন ক্ৰয় কৰা হ’ল যদিও বাল্টি – কোৰ লৈ মহানগৰীৰ নলা চাফা কৰি থকাৰ দৃশ্য তেনেই সুলভ ৷
কৃত্ৰিম বানপানী , খোৱা পানীৰ সমস্যাতকৈও মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে শ শ কৌটি টকাৰে অভাৰব্ৰীজ নিৰ্মান কৰা ৷ কিন্তু তাকে কৰিবলৈ যাওতে ডি পি আৰ প্ৰস্তুত নকৰাকৈ অভাৰব্ৰীজ নিৰ্মানৰ কাম আৰম্ভ কৰাৰ ঘটনাও সংঘটিত হৈছে ৷ অৰ্থাৎ মহানগৰীতো মুখ্যমন্ত্ৰীৰ মুখৰ কৰাই আইন হৈ পৰিছে ৷ মুখ্যমন্ত্ৰীৰ মন গ’লে অভাৰব্ৰীজ নিৰ্মান কৰিব , মন গ’লে পাৰ্ক স্থাপন কৰিব ৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ মুখত কাহানিও শুনা নাই এটা ড্ৰেইনেজ চিষ্টেমৰ পৰিকল্পনাৰ বিষয়ে ৷ তাৰ সলনি পাৰ্ক আৰু অভাৰব্ৰীজ হৈ পৰিছে মুখ্যমন্ত্ৰীৰ অগ্ৰাধিকাৰৰ বিষয় ৷ কিন্তু এনে অপৰিকল্পিত নিৰ্মানে যে মহানগৰীৰ পৰিস্থিতি আৰু অধিক জটিল আৰু ভয়াৱহ কৰি তুলিব , সেই কথা প্ৰতিগৰাকী নাগৰিকেই অনুভৱ কৰে ৷

ফ্লাই অভাৰ নিৰ্মানৰ পূৰ্বে জু ৰোডত কাটি পেলোৱা হ’ল প্ৰাচীন বৃক্ষ

গুৱাহাটীত পাৰ্ক আৰু অভাৰব্ৰীজ নিৰ্মান কৰি থকা সময়ত ভূপাল চিটী ডেভ’লপমেন্ট কৰ্পোৰেশ্যনে মুকলি কৰিছে ভাৰতৰ প্ৰথমটো জলবায়ু ভিত্তিক কমন ইনট্ৰিগ্ৰেটেট ডাটা চেন্টাৰ আৰু ডিজেষ্টাৰ ৰিক’ভাৰী চেন্টাৰ এণ্ড ইনটিগ্ৰেটেড কন্ট্ৰ’ল এণ্ড কামাণ্ড চেন্টাৰ ৷ যিয়ে নগৰখনত নাগৰিকে লাভ কৰি থকা সুবিধা – অসুবিধাসমূহ নীৰিক্ষণ কৰাত মধ্যপ্ৰদেশ চৰকাৰক সহায় কৰিব ৷

সেয়ে গুৱাহাটীৰ বাবেও  ধনৰ সঠিক আৰু সু পৰিকল্পিত ব্যৱহাৰ কৰাটো হৈ পৰিছে সময়ৰ দাবী ৷ অন্যথা খুউব সোণকালে গুৱাহাটীক বসবাসৰ অনুপযোগী চহৰ হিচাপে ঘোষণা কৰিব লাগিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.