‘মুখ্যমন্ত্ৰী পূজা’ !

গুপ্তকাশী বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত বুধবাৰে পূজা অৰ্চনা আগবঢ়ালে মস্যজীৱি লোক সকলে।ধৰ্মীয় ৰীতি-নীতি পৰম্পৰাৰে ধূপ-ধূনা,নৈবদ্য,নাম-শ্ৰৱণ কীৰ্তনেৰে মুখৰিত হ’ল গুপ্তকাশী বিশ্বনাথ ঘাট।কোনো দেৱ দেৱতাক নহয়,গুপ্তকাশী বিশ্বনাথ ঘাটত পূজা অৰ্চনা কৰা হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত।সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি পৰম্পৰাৰে ধূপ-ধূনা,নৈবদ্য,নাম-শ্ৰৱণ কীৰ্তনেৰে মুখৰিত হ’ল বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰৰ সংগমস্থলী ।সন্মুখত ভগৱানৰ প্ৰতিচ্ছবি নহয়,স্বয়ং মুখ্যমন্ত্ৰীক পূজা-অৰ্চনাৰে সন্তুষ্ট কৰি নিজৰ প্ৰাপ্য বিচাৰি কাতৰ আহ্বান এই সকল নৈপৰীয়া মৎস্যজীৱি লোকৰ।মস্যজীৱি লোক সকলৰ মতে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই বিচাৰিলে যি কোনো সমস্যাই সমাধান কৰিব পাৰে।”তেওঁ আমাৰ বাবে ভগবান।তেওঁ আমাৰ পেটৰ মৰ্মবেদনা বুজি পাব”-এনেদৰে মন্তব্য কৰে এজন মাছমৰীয়াই।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296