সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শীঘ্ৰেই উকলিব ড° হিমন্ত বিশ্ব শৰ্মাৰ দিন !

উত্তৰ-পূৱৰ ৰাজনীতিৰ পৰা উফৰাব লাগিব ড° হিমন্ত বিশ্ব শৰ্মাক ! এনেদৰে মেঘালয়ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । শ্বিলঙৰ ৰাজপথত বংগৰ অগ্নিকন্যা মমতা বেনাৰ্জীৰ হংকাৰ। উত্তৰ-পূৱ ভ্ৰমণ কালত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সংগ দিলে অভিষেক বেনাৰ্জীয়ে। তৃণমূল কংগ্ৰেছৰ সাংগঠনিক ভেঁটি গঢ়ি ‘২৩ত এঘড়ী যুঁজিবলৈ সাজু মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ ।সেই ৰণনীতিৰে সাজু হৈ মেঘালয় পালেহি মমতা বেনাৰ্জী। মেঘালয়ত তৈয়াৰ হৈছে তৃণমূল কংগ্ৰেছৰ নেতৃত্ব আৰু সেয়ে ‘২৪ত বিজেপিক ঢোকে ঢোকে পানী খুৱাবলৈ এতিয়া উত্তৰ পূবত খোজ পেলাইছেহি বংগৰ অগ্নিকন্যা মমতা বেনাৰ্জীয়ে। কাৰণ ২৩ত মেঘালয়ৰ বিধানসভাৰ নিৰ্বাচন। আৰু এইবাৰ বিজেপিৰ মিত্ৰদল NPPক উফৰাই মেঘালয়ৰ মাটিত খোপনি পুতি বহিবলৈ সাজু দিদিৰ তৃণমূল কংগ্ৰেছ। মঙলবাৰৰ দিনটোত শ্বিলঙৰ চেণ্ট্ৰেল লাইব্ৰেৰী হলত অনুষ্ঠিত কর্মী সভাত উদাত্ত ভাষণ দিলে মমতা বেনাৰ্জীয়ে। ভাষণ প্ৰসংগত মমতা বেনাৰ্জীয়ে ক’লে মেঘালয়ত TMC ক্ষমতালৈ আহিলে পৰামৰ্শদাতাৰ ৰূপত থাকিব তেওঁ নিজেই আৰু সাংসদ অভিষেক বেনাৰ্জী। মেঘালয়ৰ তৃণমূলৰ কৰ্মীক উদ্দেশ্যি বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ এঘড়ী যুঁজিব লাগিব।মমতা বেনাৰ্জীয়ে ক’লে যে উত্তৰ-পূৱৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ দমন চলে৷ উত্তৰ-পূৱৰ ৰাজনীতিৰ পৰা উফৰাব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ দমন৷ মেঘালয়বাসীক উদ্দেশ্যি মমতা বেনাৰ্জীয়ে ক’লে যে জাতীয় ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ দমন সন্দৰ্ভত সকলোৱে জ্ঞাত। কিন্ত মেঘালয়ৰ মাটিৰ পৰা ইয়াক আঁতৰ কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাক। সেয়ে বংগৰ অগ্নিকন্যাৰ হুংকাৰ” মেঘালয়ৰ ৰাজনীতি ঘোলা নকৰিব।”আনহাতে গোৱাৰ নিৰ্বাচনৰ প্ৰসংগ উনুকিয়াই মমতা বেনাৰ্জীয়ে ক’লে যে তৃণমূলৰ সাংগঠনিক ভেঁটি গঢ়ি নুঠাটোৱেই আছিল দলৰ বিফলতা। কিন্তু মেঘালয়ৰ ৰাজনীতিত পৰিপক্ক ৰাজনৈতিক নেতা দলত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁ কয় যে মুকুল চাংমাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে পাব এক নতুন ৰূপ। মুকুল চাংমাৰ নেতৃত্বত মেঘালয়ত তৃণমূলৰ চৰকাৰ গঠন হ’লে লক্ষ্মীৰ অক্ষয় পাত্ৰৰ দৰেই নতুন নতুন প্ৰকল্পৰে জিলিকি উঠিব মেঘালয়। পশ্চিমবঙ্গৰ দৰেই লক্ষ্মী ভাণ্ডাৰ প্ৰকল্প আৰম্ভ হ’ব মেঘালয়ত। এই প্ৰতিশ্ৰুতি মমতা বেনাৰ্জীৰ। উত্তৰ-পূৱৰ ৰাজনীতিত মহিলাৰ প্ৰভাৱ যথেষ্ট বেছি। সেয়ে তৃণমূল কংগ্ৰেছে মেঘালয়ৰ মছনদ দখল কৰিলে মহিলা নিয়োজনৰ কামৰ উত্তৰণ ঘটিব।
তৃণমূল কংগ্ৰেছ কেৱল বঙালীৰ নহয় দল নহয়৷ যদিহে তৃণমূল কংগ্ৰেছ কেৱল বঙালীৰ তেনেহ’লে গোটেই ভাৰতে বংকিম চন্দ্ৰ চট্টোপাধ্যায় অথবা ৰবীন্দ্ৰনাথৰ গীত কিয় গায় বুলিও প্ৰশ্ন কৰে মমতা বেনাৰ্জীয়ে৷ সুভাষ চন্দ্ৰ বসুৰ জয় হিন্দ শ্লোগান আজি ভাৰতৰ। তেনেহ’লে তৃণমূল কংগ্ৰেছক কিয় কেৱল বঙালীৰ বুলিহে বাৰে বাৰে অভিযোগ উত্থাপন হয়। অগ্নিকন্যাৰ আহ্বান- মানুহক জাতিৰ নামত, ধৰ্মৰ নামত, ভাষাৰ নামত বিভাজন নকৰিব। কাৰণ পশ্চিমবংগত তৃণমূল কংগ্ৰেছে সকলোৰে উৰ্ধত গৈ বিজেপিক হৰুৱাইছে। মমতা বেনাৰ্জীৰ মন্তব্য বিজেপিক কিদৰে হৰুৱাব লাগে জানে তৃণমূল কংগ্ৰেছে আৰু সেয়ে বিজেপিক হৰুৱাবলৈ ২৩ত এঘড়ী যুঁজিবলৈ সাজু তৃণমূল কংগ্ৰেছ। ২৩’ত শক্তি সঞ্চয় কৰি ২৪’ত বিজেপিৰ বিৰুদ্ধে থিয় হ’বলৈ সাজু হৈ উঠিছে মমতাৰ তৃণমূল কংগ্ৰেছ।

Leave A Reply

Your email address will not be published.