অখিল গগৈৰ পত্ৰত কঁপিছে বিজেপি নেতাৰ বুকু

লিডু-মাৰ্ঘেৰিটাৰ কয়লাৰ অবৈধ খনন মুখ্যমন্ত্ৰী ডাঙৰীয়া, কিমান আৰু লুণ্ঠন চলাব ?

মুখ্যমন্ত্ৰী ডাঙৰীয়া,
এই ফেচবুক প’ষ্টটোৰ সৈতে মই মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ এখন নিৰ্দেশ পত্ৰ গাঁঠি দিছোঁ। আপুনি খুব ভালকৈয়ে জানে লিডু আৰু মাৰ্ঘেৰিটাত যোৱা বেছ কিছুদিন ধৰি কয়লাৰ অবৈধ খনন চলি আছে। এই সম্পৰ্কে আপোনাক মই মাজে মাজে জনাই আছোঁ। আজি ইয়াত মাৰ্ঘেৰিটাৰ মহকুমা দণ্ডাধীশৰ যিখন নিৰ্দেশ পত্ৰ গাঁঠি দিছো, সেই পত্ৰখন যোৱা ৭ ডিচেম্বৰ, ২০২২ ৰ দিনা জাৰি কৰা হৈছে। ইয়াত কেনেকৈ ডিগবৈ ডিভিজনৰ অন্তৰ্গত লেখাপানী ৰেঞ্জৰ অন্তৰ্গত লেখাপানী ৰিজাৰ্ভ ফৰেষ্ট, টিৰাপ ৰিজাৰ্ভ ফৰেষ্ট আৰু টিপুং ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত জংঘল কটা, বনজ সম্পদ ধ্বংস কৰা, গছ কটা, চিকাৰ কৰা আৰু অবৈধ কয়লা খনন আৰু কয়লা সৰবৰাহ চলি আছে, সেইবোৰ নিষিদ্ধ কৰি এই জাননী প্ৰেৰণ কৰা হৈছে। সেই এলেকাবোৰত চিআৰপিচি ৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া,মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ এই নিৰ্দেশনা পত্ৰতেই কোৱা হৈছে যে Excavator, Dumper আৰু JCB দ্বাৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এই এলেকাবোৰত আৰু বিশেষভাৱে স্বৰ্গদেউ চুকাফা সৌমাৰপীঠত প্ৰৱেশ কৰা পাটকাই পাহাৰৰ বক্ষ বিদাৰি এই অবৈধ কয়লা খনন চলি আছে। আমাৰ হাতত থকা তথ্য অনুসৰি এই এলেকাত কমেও ৫০০ খন এস্কেভেটৰ, ফ’কলেন, জেচিবিয়ে অবৈধ কয়লা খনন কৰি আছে। এতিয়া মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ এই নিৰ্দেশ পত্ৰখনে মাৰ্ঘেৰিটা অঞ্চলত চলি থকা ভয়াবহ কয়লা খননৰ , মজুতকৰণৰ আৰু কয়লা পৰিবহনৰ দিশবোৰ মুকলি কৰি দিলে। ইতিমধ্যে এখন কয়লাৰ গাড়ীয়ে যোৱা ৩ ডিচেম্বৰত বৰগোলাই অঞ্চলৰ মন বাহাদুৰ প্ৰধান(৬০) নামৰ এজন লোকক হত্যা কৰিলে। তাৰ পিছতো কয়লাৰ গাড়ীয়ে মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত এলেকাৰ বিদ্যুত খুঁটাত খুন্দা মাৰি ভাঙি পেলালে। মানুহ তাত বিদ্যুতপৃষ্টও হ’ল। এই দুয়োটা ঘটনাৰ ওপৰত সংশ্লিষ্ট লোকসকলে গোচৰ দিলে। কিন্তু সেই গোচৰসমূহো মাৰ্ঘেৰিটা থানাই পঞ্জীয়ন কৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া , আমি জানো যে বিজেপি চৰকাৰৰ কিছুমান নেতাৰ আটাইতকৈ ডাঙৰ অবৈধ উপাৰ্জনেই হ’ল অসমত অবৈধ কয়লা খনন আৰু অসমৰ মাজেৰে বহিঃৰাজ্যৰ অবৈধ কয়লা সৰবৰাহ। আপোনাৰ দিনত আপুনি সৰু সৰু দুৰ্নীতি কৰাৰ বাবে দৈনিক চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি আছে।আপুনি স্বচ্ছ প্ৰশাসনৰ ঘোষণা কৰি আছে।কিন্তু মই দৃঢ়তাৰে ক’ব পাৰো যে আপোনাৰ দিনতেই কয়লাৰ আটাইতকৈ ভয়ংকৰ আৰু আৰু নিৰ্লজ্জ লুন্ঠন চলিছে। সকলো তথ্য-পাতি আমাৰ ওচৰত আছে। আপোনাক এই সম্পৰ্কে কেইবাবাৰো জনাইছোঁ।অচিৰেই আপুনি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰি এই ফেচবুক প’ষ্টৰ জৰিয়তে অৱগত কৰিলোঁ । যদিহে আপুনি একো নকৰে আমাৰ শক্তিৰে ইয়াক প্ৰতিৰোধৰ বাবে যি যি কৰিব লাগে আমি কৰি যাম।বিৰোধী দল হিচাপে চৰকাৰৰ ওচৰত আমাৰ কথাখিনি জনাই ল’লো।

ধন্যবাদেৰে-
অখিল গগৈ

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296