শিক্ষকৰ সমস্যাৰ সমাধান কেতিয়া?

অপ্ৰাদেশীকৃত বিদ্যালয় সমূহ প্ৰাদেশীকৰণ কৰাৰ সম্পৰ্কত শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি বাহাৰুল ইছলামৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।শিক্ষক সকলৰ লগত ৰাজনীতি কৰিছে চৰকাৰে। চতুৰ ৰাজনীতিবিদ মুখমন্ত্ৰী ভ০ হিমন্ত বিশ্ব শৰ্মাই অসমত আঁচনিৰ ৰাজনীতি কৰিছে। অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকক বাৰে বাৰে প্ৰতাৰণা কৰিছে চৰকাৰে। চৰকাৰৰ বিৰুদ্ধে শিক্ষক কৰ্মচাৰী ঐক্যযঞ্চৰ কাৰ্যকৰী সভাপতি বাহাৰুল ইছলামৰ বিস্ফোৰণ।পেটত গামোচা মাৰি বছৰ বছৰ বিনা বেতনে শিক্ষাদান কৰা অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক সকলৰ আৰ্তনাদ । পূৰ্বৰ শিক্ষা মন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় প্ৰাদেশীকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও বাৰে বাৰে অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক সকলক প্ৰতাৰণা কৰাৰ অভিযোগ কৰিছে শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ কাৰ্যকৰী সভাপতি বাহাৰুল ইছলামে।চৰকাৰক পদ প্ৰাদেশীকৰণ কৰিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে যদিও সেয়া ফুটুকাা ফেনত পৰিণত হৈছে প্ৰতিবাৰে । প্ৰায় বছৰ বছৰ বিনা বেতনে শিক্ষাদান কৰি নিজৰ পাৰিশ্ৰমিক কেইটা নাপাই পেটৰ ভোকৰ তাড়নাত বিভিন্ন সময়ত প্ৰতিবাদত বহিব লগা হৈছিলএই সকল শিক্ষকে। আনকি বহু শিক্ষকে বিনা বেতনে শিক্ষা দান কৰি অৱসৰ লোৱাৰ লগতে বহু শিক্ষকে আত্মহত্যাৰ পথ বাচি ল’ব লগীয়া হোৱা বুলিও অভিযোগ কৰিছে কাৰ্যকৰী সভাপতিজনে। অপ্ৰাদেশীকৃত বিদ্যালয় সমূহ কেতিয়া প্ৰাদেশীকৃত হব নে এনেদৰে বিনা বেতনে শিক্ষকতা কৰি এজনৰ পিছত আন এজন শিক্ষকে অবসৰ লৈ থাকিব বুলিও প্ৰশ্ব কৰিছে বাহাৰুল ইছলামে।ইছলামে চৰকাৰক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লবলৈ দাবী জনোৱাৰ লগতে ইয়াৰ অন্যথা জংগী আন্দোলনৰ পথ ল’ব বুলিও সকীয়াই দিয়ে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296