Investigative reporting with dedication.

পূজাৰ মাজতেই মহানৱমিৰ দিনা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ। মৰিয়নিত ই-ৰিক্সাত উঠি তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ ভালেমান কংগ্ৰেছী নেতাৰ উপস্থিতিত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদস্থলীৰ পৰাই মূল্যববৃদ্ধিৰ বিৰুদ্ধে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতৃত্বই। ই-ৰিক্সাত বান্ধি ল’লে চিলিণ্ডাৰ, ওলোমাই ল’লে মিঠাতেলৰ বটল।




