পূজা চাবলৈ যোৱা ছাত্ৰই কেনেকৈ পালে ড্ৰাগছ?

Share This Article

ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ মাজতে বৰপথাৰত অতিমাত্ৰা ড্ৰাগছ সেৱনৰ ফলত এজন ছাত্ৰৰ মৃত্যু হোৱাৰ বাতৰিয়ে এতিয়া চকু কপালত তুলিছে সকলোৰে। উল্লেখ্য যে মৃত ছাত্ৰ জনৰ নাম অবিনাশ ফুকন। বৰপথাৰৰ ধনশিৰি ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ আছিল অবিনাশ। পাঁচ বন্ধুৰ সৈতে পূজা চাবলৈ যোৱাৰ পিছত সপ্তমীৰ নিশা প্ৰায় ১০ মান বজাত সংঘটিত হৈছিল এই ঘটনা। অভিযোগ উঠিছে যে আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই বৰপথাৰত দ্ৰুত গতিত বৃদ্ধি পাইছে ড্ৰাগছৰ প্ৰৱণতা। আমাৰ হাতত আহি পৰা খবৰ অনুসৰি কেইবা বছৰ ধৰি ড্ৰাগছ সেৱন কৰি আহিছিল অবিনাশে। কিন্তু প্ৰশ্ন হয় – অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান কেৱল নাটক হে আছিল নেকি? পূজা চাবলৈ যোৱা ছাত্ৰৰ হাতলৈ কেনেকৈ আহিল ড্ৰাগছ? এতিয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আপোচ বিহীন চৰকাৰ খনে বৰপথাৰ আৰক্ষীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.